ETV Bharat / city

Assam Book Fair at Guwahati : শিশুৰ বাবে উপযোগী গ্ৰন্থৰ বিক্ৰীৰ হাৰ বৃদ্ধি - Increases sales rate of children books in Assam Book Fair

29 ডিচেম্বৰৰ পৰা মহানগৰীত আৰম্ভ হোৱা অসম গ্ৰন্থমেলা (Assam Book Fair at Guwahati) ত বৃদ্ধি হৈছে শিশু গ্ৰন্থৰ বিক্ৰীৰ হাৰ (Increases sales rate of children books) ৷ এই কথা সদৰী কৰিলে পুথিতীৰ্থ প্ৰকাশনৰ স্বত্বাধিকাৰী পূবালী গোস্বামীৰ লগতে অসম শিশু সাহিত্য ন্যাসৰ বিষয়া ভৰত চন্দ্ৰ শৰ্মাই ৷

childrens-books-continue-run-of-strong-sales-at-assam-book-fair
গ্ৰন্থমেলাত বৃদ্ধি হৈছে শিশু গ্ৰন্থৰ বিক্ৰীৰ হাৰ
author img

By

Published : Jan 3, 2022, 12:34 PM IST

গুৱাহাটী, 3 জানুৱাৰী : অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ (Assam Engineering Institute Playground) ত 29 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা (Assam Book Fair at Guwahati) । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই প্ৰথমবাৰৰ বাবে যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাত বিগত বৰ্ষসমূহৰ তুলনাত শিশু গ্ৰন্থৰ বিক্ৰীৰ হাৰ বৃদ্ধি পাইছে (Increases sales rate of children books) ৷

এই গ্ৰন্থমেলাত শিশু গ্ৰন্থ সচিত্ৰ কাহিনী, তথ্যভিত্তিক কাহিনী, বিজ্ঞান, জীৱনী, সাধুকথা, চিত্ৰাংকন, উপন্যাস, দুঃসাহসিক অভিযান, অভিধান, সংকলন আদি যথেষ্ট হাৰত বিক্ৰী হৈছে ৷

অসম শিশু সাহিত্য ন্যাসৰ বিষয়া ভৰত চন্দ্ৰ শৰ্মাই এই বিষয়ে মন্তব্য প্ৰকাশ কৰি কয় যে, এইবেলি গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমী ৰাইজৰ যথেষ্ঠ সঁহাৰি পোৱা গৈছে । নৱবৰ্ষৰ পহিলা আৰু দ্বিতীয় দিনা যথেষ্ঠ সংখ্যক গ্ৰাহকে কিতাপৰ সুবাস বিচাৰি গ্ৰন্থমেলাত ভিৰ কৰিছেহি । এইবাৰৰ গ্ৰন্থমেলাত সাধুকথা, চিত্ৰাংকন, বিজ্ঞান, জীৱনী গ্ৰন্থৰ বিক্ৰী যথেষ্ট ভাল হৈছে বুলি ভৰত চন্দ্ৰ শৰ্মাই উল্লেখ কৰে ৷

গ্ৰন্থমেলাত বৃদ্ধি হৈছে শিশু গ্ৰন্থৰ বিক্ৰীৰ হাৰ

আনহাতে, পুথিতীৰ্থ প্ৰকাশনৰ স্বত্বাধিকাৰী পূবালী গোস্বামীয়ে এইবাৰ গ্ৰন্থমেলাত আৰম্ভণিৰে পৰা ৰাইজৰ যথেষ্ট সমাদৰ পোৱাৰ লগতে অসমীয়া, ইংৰাজী দুয়োটা ভাষাৰে শিশু গ্ৰন্থ সমানে বিক্ৰী হোৱা বুলি মন্তব্য প্ৰকাশ কৰে । এই প্ৰকাশনৰ বিপণীত প্ৰায় 500/600 মানৰ ভিতৰত শিশু গ্ৰন্থ আছে । সমান্তৰালকৈ অসমীয়া সাধুকথা, জীৱনী, উপন্যাস আদিৰো বিক্ৰী হোৱা বুলি কয় প্ৰকাশনটোৰ স্বত্বাধিকাৰী গোস্বামীয়ে ৷

উল্লেখ্য যে, 12 দিনীয়াকৈ অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ সামৰণি পৰিব 9 জানুৱাৰীত । প্ৰতিদিনেই গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে সাহিত্য সম্পৰ্কীয় আলোচনা-অনুষ্ঠানৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ৷ যাৰ বাবে দুখনকৈ মঞ্চ নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক : মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সাহাৰ্যৰ বাবে আবেদন কৰিবলৈ চৰকাৰে আৰম্ভ কৰিব নতুন প’ৰ্টেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.