ETV Bharat / city

ৰাজ্যৰ 40,000 যুৱক-যৱতীক প্ৰদান কৰা হ'ব পশুপালনৰ প্ৰশিক্ষণ - Sonowal inaugurated Poultry expo, 2019

ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলা, ২০১৯ ৰ উদ্বোধন কৰা হয় খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৷ অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুকেইজন মন্ত্ৰী তথা প্ৰমুখ্য ব্যক্তি উপস্থিত থাকে ৷

হাঁহ-কুকুৰা মেলা
author img

By

Published : Nov 8, 2019, 11:34 PM IST

গুৱাহাটী, 8 নৱেম্বৰ : খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলা, ২০১৯ ৷ পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত এই মেলাৰ আয়োজন কৰা হৈছে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিং, অৰুণাচলৰ পশুপালন মন্ত্ৰী টাগা টাকি, ৰাজ্যৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি ।

হাঁহ-কুকুৰা মেলাৰ উদ্বোধনী

উদ্বোধনী ভাষণত মেলাৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, পশুপালনৰ ক্ষেত্ৰখনক বিশেষভাৱে প্ৰাধান্য দিয়া হ'ব । এই মেলাখনৰ উদ্দেশ্যই হৈছে ন-ন তথ্য-প্ৰযুক্তিৰ সৈতে কৃষকসকলক চিনাকি কৰাই দিয়া আৰু কৃষকসকলক আত্মনির্ভৰশীল কৰি তোলা । অহা ১ বছৰৰ ভিতৰত এই বিভাগটো ৰাজ্যৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ বিভাগ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে শইকীয়াই ৷

কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে তেওঁৰ ভাষণত কয় যে, উত্তৰ-পূৱৰ মূল দুৱাৰ হৈছে অসম । বিভিন্ন প্ৰযুক্তিবিদ্যাৰ সহায় লৈ ৪০০০ অসমৰ যুৱকক পশুপালন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ধনৰ আৱন্টন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে উল্লেখ কৰে যে, এনে ধৰণৰ গৱেষণাগাৰ নিৰ্মাণ কৰি উলিওৱা হ'ব যাৰ সহায়ত ৩ লিটাৰ গাখীৰ দিয়া গাই গৰুয়ে ৩০ লিটাৰলৈকে গাখীৰ দিবলৈ সক্ষম হ'ব ৷

অসম কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে, এই মেলাৰ দ্বাৰা ৰাজ্যৰ কৃষকসকল উপকৃত হ'ব । কংগ্ৰেছ চৰকাৰৰ দিনত এই বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত শুই পৰিছিল বুলি মন্তব্য কৰে অতুল বৰাই । পশুপালনৰ নামত অহা সকলো টকা কংগ্ৰেছে আত্মসাৎ কৰিলে বুলি অভিযোগ উত্থাপন কৰে বৰাই ৷ মৃতপ্ৰায় বিভাগটো বৰ্তমান প্ৰাণ পাই উঠিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মাছ, কণী আদিৰ বাবদ ১৬৯১ কোটি আৰু মাংসৰ বাবদ ১০০০ কোটি টকা খৰছ কৰে ৰাজ্যই ৷ এনে এখন বজাৰ নিজৰ দখললৈ আনিবলৈ সকলোৱে চেষ্টা কৰা উচিত বুলি মন্তব্য কৰে সোণোৱালে ৷

Intro:পশু পালন আৰু পশু চিকিৎসা বিভাগ, অসম আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলা - ২০১৯ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা হৈছে। মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিং অৰুণাচলৰ পশুপালন মন্ত্ৰী টাগা টাকি, ৰাজ্যৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি।

Body:ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ মুকলি কৰে। উদ্বোধনী ভাষণত মেলাখনৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে পশুপালনৰ ক্ষেত্ৰখনক বিশেষভাৱে প্ৰাধান্য দিয়া হ'ব। এই মেলাখনৰ উদ্দেশ্যই হৈছে নতুন নতুন তথ্য-প্ৰযুক্তিৰ লগত কৃষকসকলক চিনাকি কৰি দিয়া, কৃষকসকলক আত্মনির্ভৰশীল কৰি তোলা। ৰাজ্যখনৰ কৃষকসকলো এই ক্ষেত্ৰত আগবাঢ়ি যাব । আৰু অহা ১ বছৰৰ ভিতৰত এই বিভাগটো ৰাজ্যৰ ভিতৰত অন্যতম বিভাগ হ'ব বুলি আশা কৰিছো।
কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে তেওঁৰ ভাষণত কয় যে নৰ্থ ইষ্টৰ মূল দুৱাৰ হয় অসম । বিভিন্ন প্ৰযুক্তিবিদ্যাৰ সহায় লৈ ৪০০০ অসমৰ যুৱকক পশুপালন সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব। ট্রেইনিং চেণ্টাৰৰ বাবে , প্ৰশিক্ষণৰ বাবে ধন দিম । এনেধৰণৰ লেব দিয়া হ'ব য'ত ৩ লিটাৰ গাখীৰ দিয়া গাই গৰুৰ পোৱালীয়ে ৩০ লিটাৰ গাখীৰ দিবলৈ সক্ষম হ'ব ।

বাইট ১: সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী, অসম

কৃষি আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় এই মেলাৰ দ্বাৰা ৰাজ্যৰ কৃষক উপকৃত হ'ব। নৱ প্ৰজন্মই নতুন দিশ পাব । কংগ্ৰেছৰ চৰকাৰৰ দিনত এই বিভাগ কুম্ভ কৰ্ণ নিদ্ৰাত শুই আছিল। ইয়াৰ বাবে অহা সকলো পইচা তেওঁলোকে খাই দিলে। বিভাগতো মৃত অৱস্থাত আছিল। কিন্তু এতিয়া এই বিভাগ প্ৰাণ পাই উঠিছে। এই বিভাগত নতুন নতুন ব্যৱস্থা লোৱা হৈছে যাতে কৃষকসকলক উপকৃত কৰিব পাৰো তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো লগতে কৃষকসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰিব পাৰিব লাগিব ।উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ ভাষণত কয় মাছ, কণী আদিৰ বাবদ ১৬৯১ কোটি টকা আমি আনক দিব লগীয়া হয়। মাংসৰ বাবদো ১০০০ কোটি টকাৰ মাংস আমি বাহিৰৰ পৰা আনিব লগীয়া হয়। ৩০০০ কোটি টকাই আমি আনক দিব লগা হয়। গতিকে আমি কেনেদৰে এই বজাৰখন নিজৰ দখললৈ আনিব পাৰো এই ক্ষেত্ৰত মনোযোগ দিয়া উচিত। ইতিমধ্যে ২৬ হাজাৰ গাঁৱৰ বাবে একোখনকৈ ট্ৰেকটৰ প্ৰদান কৰা হৈছে । ৫০০০ টকাকৈ কৃষকসকলক কৃষিৰ সামগ্ৰী ক্ৰয় কৰিবৰ বাবে প্ৰদান কৰা হৈছে।

বাইট ২: গিৰিৰাজ সিং, কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী

Conclusion:এতিয়াৰ যুৱ চামে কঠোৰ পৰিশ্ৰম কৰিবলৈ সক্ষম হৈছে। আত্মবিশ্বাস লাভ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰাই । চৰকাৰৰ যিমান সা-সুবিধা আছে সেই সকলো প্ৰদান কৰি যুৱচামক উপাৰ্জনৰ বাবে যোগ্য কৰি তুলিব লাগে। উঠি অহা খেতিয়কসকলে কেতিয়াও মনোবল হেৰুৱাব নালাগে। এই বজাৰ দখল কৰিবৰ বাবে সকলো ওলাই আহিব লাগে । অসমে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰেও দক্ষিণ পূব এছিয়াৰ বজাৰ দখল কৰিব লাগিব।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.