ETV Bharat / city

শক্তিখণ্ডত দহ মাহত ১০৭ শতাংশ পৰ্যন্ত ৰাজহ সংগ্ৰহ চৰকাৰৰ

author img

By

Published : Jun 3, 2022, 9:34 PM IST

অনাদায় বকেয়া ২,২০০ কোটি টকাৰ পৰা ৬২৭ কোটি টকালৈ হ্ৰাস । দহ মাহত ১০৭ শতাংশ পৰ্যন্ত ৰাজহ সংগ্ৰহ চৰকাৰৰ (Revenue collect in 10 months) । নিৰ্ধাৰিত ৫৬৫৯ কোটি টকাৰ বিপৰীতে ৬০৫৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ ৷

huge-amount-of-revenue-collect-in-10-months-from-the-power-department-of-assam
শক্তিখণ্ডত দহ মাহত ১০৭ শতাংশ পৰ্যন্ত ৰাজহ সংগ্ৰহ চৰকাৰৰ

গুৱাহাটী,3 জুন: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ৰাজ্যৰ শক্তিখণ্ডৰ (Power department of Assam) ব্যাপক সংস্কাৰ সাধন হৈছে । দায়িত্বভাৰ গ্ৰহণৰ পাছতে চৰকাৰখনে শক্তিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেতবোৰ সংস্কাৰ সাধন কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত বিগত এটা বছৰতেই শক্তিখণ্ডটোৰ অভ্যন্তৰীণ চেহেৰা সলনি হৈ পৰিছে ।

নতুন চৰকাৰখন গঠনৰ বিগত এই সময়চোৱাত অভূতপূৰ্ব ৰাজহ সংগ্ৰহেৰে উন্নয়নৰ দিশলৈ গতি কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)। বছৰ বছৰ ধৰি বিদ্যুৎ মাচুল আদায় নিদিয়া গ্ৰাহকসকলক এই সময়ছোৱাৰ ভিতৰত মাচুল আদায় দিবলৈ বাধ্য কৰোৱাই নহয়, চৰকাৰী খণ্ডৰ অনাদায় মাচুলো নিয়মীয়া কৰিবলৈ সক্ষম হৈছে ।

অসম শক্তি বিতৰণ কোম্পানী লিমিডেটৰ (Energy Distribution Company Limited) তথ্য অনুসৰি 2021 চনৰ জুনৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহলৈ মাত্ৰ দহ মাহৰ ভিতৰত অভূতপূৰ্ব ৰাজহ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । নতুন চৰকাৰখনে ২০২১ চনৰ মে'ত শাসনভাৰ গ্ৰহণ কৰিছিল আৰু এটা মাহ পাছৰ পৰাই অনাদায় মাচুলকে ধৰি সকলো ধৰণৰ মাচুল সংগ্ৰহ নিয়মীয়া হৈ পৰে ।

এই দহ মাহৰ ভিতৰত নিৰ্ধাৰিত ৫,৬৫৯ কোটি টকাৰ বিপৰীতে ৬.০৫৪ কোটি টকা গ্ৰাহকৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অর্থাৎ ১০৭ শতাংশ ৰাজহ সংগ্ৰহ কৰে (Huge amount of revenue collect in 10 months) । বছৰ বছৰ ধৰি অনাদায় হৈ থকা চৰকাৰী বিভাগসমূহেও এই সময়ছোৱাত নিয়মীয়াকৈ মাচুল আদায় দিয়ে ।

ৰাজ্য চৰকাৰৰ ৯টা বিভাগে দহ মাহৰ ভিতৰত আদায় দিয়ে ১৮৫.৮১ কোটি টকা । এই ৯ বিভাগৰ উপৰি আন চৰকাৰী বিভাগসমূহেও নিয়মীয়াকৈ মাচুল আদায় দিয়া বুলি সদৰী কৰিছে এ পি ডি চি এল কর্তৃপক্ষই । নিয়মীয়া মাচুলৰ লগতে বকেয়া মাচুল লাভ কৰাৰ ফলত চলিত বৰ্ষৰ মার্চ পর্যন্ত এ পি ডি চি এলে মাত্ৰ ৬২৭ কোটি টকাহে বকেয়া ৰাজহ পাবলৈ বাকী থাকে ।

উল্লেখ যে, নতুন চৰকাৰখনে শাসনভাৰ লোৱাৰ সময়ত এ পি ডি চি এলে লাভ কৰিবলগীয়া বকেয়া অর্থাৎ অনাদায় ৰাজহৰ পৰিমাণ আছিল প্ৰায় ২,২০০ কোটি টকা । নতুন চৰকাৰখনে আৰক্ষীৰ সহায়ত ৰাজহ সংগ্ৰহত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত বিগত মাৰ্চ পর্যন্ত ৬২৭ কোটি টকালৈ অনাদায় বকেয়া ৰাজহ হ্ৰাস পায় । এপ্ৰিল আৰু মে' মাহত অনাদায় ৰাজহৰ পৰিমাণ আৰু হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ।

এ পি ডি চি এল কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি চৰকাৰী বিভাগসমূহৰ অনাদায় ৰাজহ প্ৰায় সংগ্ৰহ হৈছে । ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াটো নিয়মীয়া কৰাৰ বাবে প্ৰতি মাহৰ ১৫ তাৰিখত ভিতৰত গ্ৰাহকক বিল দিয়া ব্যৱস্থা কৰাৰ লগতে গ্ৰামাঞ্চলত স্থানীয় যুৱকক এজেণ্ট হিচাপে নিয়োগ কৰাত বিশেষ সফলতা লাভ কৰা বুলি এ পি ডি চি এল কর্তৃপক্ষই জানিবলৈ দিয়ে ।

শক্তিখণ্ডৰ ৰাজহ সংগ্ৰহৰ গতি যাতে অনাগত দিনত নিম্নগামী নহয়, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি এই সময়েছোৱাত এ পি ডি চি এলে আন্তঃগাঁথনি উন্নত কৰাত বিশেষ গুৰুত্ব দিছে । সেইদৰে গ্ৰাহকক বিদ্যুৎ সংযোগ দিয়া কাম-কাজো তৎপৰতাৰে আগুৱাই নিছে এ পি ডি চি এলে ।

দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ (Deen Dayal Upadhyaya Gram Jyoti Yojana) অধীনত ৩.৮১ লাখ পৰিয়ালক বিদ্যুৎ সংযোগ দিয়াৰ লগতে ৬০ হাজাৰখন প্ৰাথমিক বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত ‘সোণালী শৈশৱ বিকশিত অসম' (Sonali Xaishab Bikashit Axam) আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ দিয়া হৈছে ।

সেইদৰে ১,০০০ টা ট্ৰেন্সফর্মাৰ বিতৰণ কৰাৰ লগতে ৪,২০০ টা ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰি ব্যৱহাৰৰ উপযোগী কৰা হয় । ইয়াৰ বাবে এই সময়ছোৱাত চৰকাৰে এ পি ডি চি এলক ২৫০.০৮ কোটি টকা আবণ্টন দিয়ে । ইফালে ৰাজ্যৰ চাহিদা অনুপাতে নিজাকৈ বিদ্যুৎ উৎপাদনতো গুৰুত্ব দিছে এ পি জি চি এলে ।

লগতে পঢ়ক : Indian Tea industry in trouble: ভাৰতৰ চাহ গ্ৰহণ নকৰে বহু দেশে...!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.