ETV Bharat / city

6 জুনৰ পৰা হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

author img

By

Published : May 26, 2022, 10:37 PM IST

ৰাজ্যৰ যিবোৰ বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা (HS 1st year exam date)অনুষ্ঠিত কৰাৰ বাবে সাজু সেইবোৰ বিদ্যালয়ত অহা ৬, ৭ আৰু ৮ জুনত পৰীক্ষা অনুষ্ঠিত হ'ব । বানৰ বাবে ৰাজ্যৰ যিবোৰ বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু নহয়, সেইবোৰ বিদ্যালয়ত পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত হ'ব ।

HS 1st year exam date
HS 1st year exam date

গুৱাহাটী, 26 মে’: অহা ৬, ৭ আৰু ৮ জুনত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা (HS 1st year exam to be held from 6th June)৷ বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এই কথা । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আনুষ্ঠানিকভাৱে কোনো জাননী প্ৰকাশ কৰা নাই ।

HS 1st year exam date
অহা 6 জুনৰ পৰা হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে বানৰ বাবে ৰাজ্যৰ যিবোৰ বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু নহয়, সেইবোৰ বিদ্যালয়ত পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত হ'ব । আনহাতে ৰাজ্যৰ যিবোৰ বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু সেইবোৰ বিদ্যালয়ত অহা ৬, ৭ আৰু ৮ জুনত পৰীক্ষা অনুষ্ঠিত হ'ব । ইয়াকে লৈ পৰীক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে (HS 1st year exam date)।

উল্লেখ্য যে, যোৱা ২৫ মে'ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা জাৰি কৰা লিখিত নিৰ্দেশনাত বানৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা বিদ্যালয়ৰ কৰ্তৃপক্ষক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক লিখিতভাৱে জনোৱাৰ বাবে নিৰ্দেশ দিছিল (Exam postponed due to flood)। যোৱা ১৮ মে'ৰ পৰা ২১ মে'লৈ অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা দিন নিৰ্ধাৰণ কৰা আছিল । ৰাজ্যৰ বান সমস্যাৰ বাবে যোৱা ১৭ মে' ত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই পৰীক্ষা পৰৱৰ্তী সময়ৰ বাবে স্থগিত কৰাৰ জাননী জাৰি কৰিছিল ।

লগতে পঢ়ক : অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াক লৈ চি আই ডিৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.