ETV Bharat / city

দিখৌ নৈৰ অবৈধ খননঃ উচ্চ ন্যায়ালয়ৰ শুনানি প্ৰদান - দিখৌ নদীৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট

দিখৌ নদীৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ ৷ অসম বিধানসভাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ প্ৰতিক্ৰিয়া ৷

high court hearing on dikhow illegal digging
author img

By

Published : Oct 21, 2019, 6:29 PM IST

গুৱাহাটী, 21 অক্টোবৰঃ বিগত কেবাবছৰে দিখৌ নদীত হৈ অহা শিল,বালিৰ অবৈধ খননে নদীখনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ বিৰোধিতাৰে অসম বিধানসভাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬২/২০১৯ ৰ অধীনত ৰাজহুৱা স্বাৰ্থজনিত এক আবেদন দাখিল কৰে। ইতিপূৰ্বেও শইকীয়াই উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত ৭৮/২০১৮ৰ অধীনত উক্ত আবেদন দাখিল কৰিছিল। শইকীয়াই দাখিল কৰা দুয়োখন আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সোমবাৰে শুনানি প্ৰদান কৰে ।

দিখৌ নৈৰ অবৈধ খননৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

শইকীয়াৰ হৈ অধিবক্তা চৈয়দ বুঢ়ানুল ৰহমানে উক্ত গোচৰটো চোৱা-চিতা কৰি জানিবলৈ দিয়ে যে, ন্যায়ালয়ে তিনি মাহৰ ভিতৰত অসম চৰকাৰক উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে শইকীয়াক উচ্চ পৰ্যায়ৰ কমিটি গঠন হোৱাৰ পাচত সকলো ধৰণৰ তথ্য প্ৰদান কৰিবলৈ অনুমতি দিয়ে। অধিবক্তা চৈয়দ বুঢ়ানুল ৰহমানে জানিবলৈ দিয়া অনুসৰি এই উচ্চ পৰ্যায়ৰ কমিটিত থাকিব জলসংৰক্ষণ বিভাগৰ প্ৰতিনিধি,মাইণ্ডছ এণ্ড মিনাৰেল টাস্ক ফৰ্চ বেটেলিয়ন ফৰ দ্যা ষ্টেট অফ অসমৰ ৰেভিনিউ এণ্ড ডিজেষ্টাৰ মেনেজমেণ্টৰ জনপ্ৰতিনিধি,হোম এণ্ড পলিটিকেল,চৰ কোনজার্ভেচন,পলিউশ্যন কনট্ৰ'ল বৰ্ড অফ অসম আৰু এনভাৰমেণ্টেল ফৰেষ্টৰ প্ৰতিনিধি ।

Intro:বিগত কেবাবছৰে দিখৌ নদীত হৈ অহা শিল, বালিৰ অবৈধ খননে নদীখনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ বিৰোধীতাৰে অসম বিধানসভাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬২/২০১৯ ৰ অধীনত ৰাজহুৱা স্বাৰ্থজনিত এক আবেদন দাখিল কৰে। ইতিপূৰ্বেও শইকীয়াই উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভে ৭৮/২০১৮ৰ অধীনত উক্ত আবেদন দাখিল কৰিছিল। শইকীয়াই দাখিল কৰা দুয়োটা আবেদনৰ ভিত্তিত সোমবাৰে শুনানি প্ৰদান কৰে। শইকীয়াৰ হৈ অধিবক্তা চৈয়দ বুঢ়ানুল ৰহমানে উক্ত গোচৰটো চোৱা চিতা কৰি জানিবলৈ দিয়ে যে ন্যায়ালয়ে তিনি মাহৰ ভিতৰত অসম চৰকাৰক হাই লেভেল কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু মাইণ্ডছ এণ্ড মিনাৰেল টাস্ক ফৰ্চ বেটেলিয়ন ফৰ দ্যা ষ্টেট অফ অসম। লগতে ন্যায়ালয়ে শইকীয়াক হাই লেভেল কমিটি গঠন হোৱাৰ পিছত সকলো ধৰণৰ তথ্য প্ৰদান কৰিবলৈ অনুমতি দিয়ে।

Body:অধিবক্তা চৈয়দ বুঢ়ানুল ৰহমানে জানিব দিয়া অনুসৰি এই হাই লেভেল কমিটিত থাকিব জলসংৰক্ষণ বিভাগৰ প্ৰতিনিধি, মাইণ্ডছ এণ্ড মিনাৰেল টাস্ক ফৰ্চ বেটেলিয়ন ফৰ দ্যা ষ্টেট অফ অসমৰ ৰেভিনিউ এণ্ড ডিজেষ্টাৰ মেনেজমেণ্টৰ জনপ্ৰতিনিধি, হোম এণ্ড পলিটিকেল, চৰ কোনজার্ভেচন, পলুচন কনট্ৰল বৰ্ড অফ অসম আৰু এনভাৰমেণ্টেল ফৰেষ্টৰ প্ৰতিনিধি।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.