ETV Bharat / city

অধিক অৱনতি ঘটিব পাৰে গুৱাহাটীৰ পৰিস্থিতি: তিনিদিনলৈ নকমে বৰষুণ - তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী

অহা তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বুধবাৰৰ পুৱাৰ পৰা বৃহস্পতিবাৰলৈ ৭-২০ ছেন্টিমিটাৰ আৰু বৃহস্পতিবাৰৰ পুৱাৰ পৰা শুক্ৰবাৰলৈ ৭-১১ ছেন্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

অধিক অৱনতি ঘটিব পাৰে গুৱাহাটীৰ পৰিস্থিতি: তিনিদিনলৈ নকমে বৰষুণ

author img

By

Published : Jun 14, 2022, 9:39 PM IST

গুৱাহাটী, ১৪ জুন: বুধবাৰৰ পৰা অহা তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই (Heavy rain forecast in Guwahati for another three days) । বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি মঙলবাৰৰ পুৱাৰ পৰা বুধবাৰলৈ ৭-১১ ছেন্টিমিটাৰ, বুধবাৰৰ পুৱাৰ পৰা বৃহস্পতিবাৰলৈ ৭-২০ ছেন্টিমিটাৰ আৰু বৃহস্পতিবাৰৰ পুৱাৰ পৰা শুক্ৰবাৰলৈ ৭-১১ ছেন্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

এই সময়ছোৱাত গুৱাহাটী আৰু উপকন্ঠ অঞ্চলৰ ঠায়ে ঠায়ে কৃত্ৰিম বান হোৱাৰ আশংকা কৰা হৈছে । পথ আৰু উপপথবোৰ জলমগ্ন হৈ থকাৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিব । কৃত্ৰিম বানৰ বাবে মহানগৰীৰ কিছুমান এলেকাত পানী যোগান, বিদ্যুৎ সংযোগৰ লগতে পৌৰ নিগমে আগবঢ়োৱা বিভিন্ন সেৱা ব্যাহত হব । পাহাৰীয়া এলেকাবোৰত ভূমিস্খলনৰ আশংকাও কৰা হৈছে ।

এই সময়ছোৱাত কৃত্ৰিম বান প্ৰৱণ এলেকালৈ পৰাপক্ষত নোযোৱাৰ আৰু ভূমিস্খলন হ'ব পৰা এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ পৰামৰ্শ আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী মহানগৰ এলেকা, চন্দ্ৰপুৰ , কলাক্ষেত্ৰ, সৰুসজাই আৰু গুৱাহাটীৰ কাষৰীয়া এলেকাৰ বাবে বিশেষ আগজাননী দিছে ।

লগতে পঢ়ক: প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.