গুৱাহাটী, 22চেপ্তেম্বৰ : দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিয়ে এখন স্কুটীক ৷ ফলত নয়ন দাস নামৰ স্কুটী আৰোহীজন থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিকাশ কলিতা নামৰ আন এজন স্কুটী আৰোহী ৷ সংকটজনক অৱস্থাত ক্ৰিটিকেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় আৰোহীজনক। বশিষ্ঠৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিছিল যদিও গড়চুক আৰক্ষীয়ে বৰাগাঁৱত ট্ৰাকখনৰ চালক বাখু শ্বেখ আৰু হেণ্ডিমেন বাপন শ্বেখক আটক কৰিবলৈ সক্ষম হয় ৷