গুৱাহাটী, 3 আগষ্ট: সুদীৰ্ঘ সময়ৰ পিছত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন শিক্ষা নীতিয়ে অসমৰ শৈক্ষিক ব্যৱস্থাটোক সচা অৰ্থত অধিক গতিশীল আৰু বাস্তৱমুখী কৰাৰ সন্দৰ্ভত এতিয়া ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া । সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰকাশ কৰিছে যে এই নতুন শিক্ষানীতিক লৈ বিস্তৃত পৰ্যালোচনাৰ প্ৰয়োজন আছে ।
আনহাতে,ৰাইট টু এডুকেছন ফ'ৰামৰ আহ্বায়ক মুকুটলোচন কলিতাই আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,নতুন শিক্ষানীতি ভাল হ'ব নে বেয়া হ'ব তাক এতিয়াই ক'ব নোৱাৰি । কিন্তু এই নতুন শৈক্ষিক নীতিয়ে বহু পৰিমাণে পাশ্চাত্যক অনুসৰণ কৰাটো স্পষ্ট হৈছে । নতুন শিক্ষানীতি ঘোষণা কৰা সময়টোক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে । অৱশ্যে এই নতুন ব্যৱস্থাৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ জানিবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।
এই নতুন শিক্ষানীতিয়ে কোনো আশাৰ খবৰ কঢ়িয়াই অনা নাই বুলি মন্তব্য কৰিছে বিশিষ্ট শিক্ষাবিদ ডঃ দীনেশ বৈশ্যই । শিক্ষাবিদগৰাকীৰ মতে এই শিক্ষা নীতিয়ে ভাৰতবৰ্ষৰ শৈক্ষিক ব্যৱস্থাটোক বানিজ্যিকৰণ আৰু ব্যক্তিগতকৰণৰ দিশে আগুৱাই নিব । বিগত সময়খিনিত দেশৰ শিক্ষা ব্যৱস্থাত কোনো পৰিৱৰ্তন হোৱা নাই বুলি চলোৱা প্ৰচাৰৰো বিৰোধিতা কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ।
অন্য এক খবৰৰ বাবে: দাৰ্জিলিঙত এম্বুলেঞ্চৰ পৰা পলায়ন ক'ভিড-19 আক্ৰান্ত ব্যক্তিৰ