ETV Bharat / city

দিপাৱলীৰ পূৰ্বেই ৰাজ্যত নিষিদ্ধ চীনা সামগ্ৰীঃ আৰক্ষী আয়ুক্ত - CP Deepak kumar news update

ৰাজ্যত নিষিদ্ধ কৰা হৈছে চীনা সামগ্ৰীৰ বিক্ৰী ৷ ৰাতি 8 বজাৰ পৰা 10 বজাৰ ভিতৰত সেউজ ফটকা অৰ্থাৎ প্ৰদুষণমুক্ত ফটকাৰে দিপাৱলী উদযাপন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৷ আৰক্ষী আয়ুক্ত দীপক কুমাৰ (আইপিএছ)এ সংবাদ মাধ্যমৰ আগত এই তথ্য উল্লেখ কৰিছে ৷

দিপাৱলীক লৈ আৰক্ষী আয়ুক্ত দীপক কুমাৰ
author img

By

Published : Oct 24, 2019, 8:54 PM IST

গুৱাহাটী, 24 অক্টোবৰঃ পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই ৰাজ্যবাসীক জনাইছে শুভেচ্ছা ৷ দিপাৱলীৰ শুভেচ্ছাৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম-প্ৰণালীসমূহ ৷

লগতে পঢ়কঃ জনীয়াত কংগ্ৰেছৰ দুৰ্গ ভেদি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ বৃহৎ জয়

ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনাই যে, ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে চীনা আতচবাজীৰ বিক্ৰী তথা ব্যৱহাৰ ৷ আৰক্ষী তথা ৰাজ্য প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া 19টাকৈ স্থানৰ পৰা গুৱাহাটীবাসীয়ে আতচবাজী ক্ৰয় কৰিব পাৰিব ৷ দিপাৱলী উদযাপনৰ বাবে প্ৰশাসনে বান্ধি দিয়া নিয়ম ভংগ কৰিলেই আইন অনুসৰি শাস্তিৰ সন্মুখীন হ'ব নিয়ম ভংগকাৰী ৷

দিপাৱলীক লৈ আৰক্ষী আয়ুক্ত দীপক কুমাৰ

দিপাৱলীৰ সমগ্ৰ দিশ নিৰীক্ষণ কৰিবলৈ আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক সষ্টম কৰি থৈছে ৷ ইয়াৰ লগতে গুৱাহাটীত আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ লগতে বিভিন্ন স্থানত গঠন কৰা হৈছে বিশেষ ফ্লায়িং স্কোৱাদ ৷ এইসমূহ ফ্লায়িং স্কোৱাদে দিপাৱলীৰ সমগ্ৰ দিশ নিৰীক্ষণ কৰাৰ লগতে ৰাইজক সজাগ কৰিব ৷

লগতে পঢ়কঃ ৰাতাবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ জয় লাভ

গুৱাহাটীৰ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নুনমাটি শোধনাগাৰৰ 500 মিটাৰ বাস্যাৰ্ধৰ ভিতৰত কোনোধৰনৰ ফটকা ফুটাব নোৱাৰিব ৷ ইয়াৰ লগতে কম প্ৰাবল্যযুক্ত প্ৰদুষণমুক্ত সেউজ আতচবাজীয়ে ফুটাব পাৰিব ৰাইজে ৷ অনুজ্ঞাপত্ৰ থকা বিপনীৰ পৰাহে ৰাইজে ক্ৰয় কৰিব পাৰিব আতচবাজীকে ধৰি বিভিন্ন ফটকা ৷ নিশা 10 বজাৰ পিচত কোনোৱেই ফটকা ফুটোৱা অথবা হাল্লা কৰিব নোৱাৰিব ৷

লগতে পঢ়কঃ ৰঙাপৰা সমষ্টিত ৰাজেন বৰঠাকুৰৰ জয়

আৰক্ষী বিষয়াগৰাকীয়ে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনোৱাৰ লগতে সদৌ অসমবাসীলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Intro:এইবাৰ দেৱালীত চীনৰ আতচবাজি নিষিদ্ধ। চীনৰ যিকোনো ধৰণৰ সামগ্ৰীৰ বিক্রেতাৰ লগতে গ্ৰাহকো ৰোষত পৰিব প্ৰশাসনৰ । মহানগৰীৰ 19 টা স্থানৰ পৰা পৰা কিনিব পাৰিব ফটকা অথবা চকৰি আৰু কলগছ। প্ৰশাসনে বান্ধি দিছে বিভিন্ন ধৰণৰ নিয়ম। নিয়ম ভংগ মানেই বিপদ। নুনমাটি শোধনাগাৰৰ 500 মিটাৰ দূৰত্ব পর্যন্ত ফুটাব নোৱাৰিব কোনো ধৰণৰ ফটকা অথবা কণবোম এই কথা কলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

Body:এইবাৰ দিৱালীত বান্ধি দিয়া হৈছে বহু নিয়ম। মহানগৰীৰ বিভিন্ন স্থানৰ বাবে গঠন কৰা হৈছে বিশেষ স্কোৱাৰ্ড। বিশেষ স্কোৱাৰ্ড চোকা দৃষ্টি থাকিব এইবাৰ দেৱালীত। দেৱালীৰ আনন্দ কৰিব পাৰিব যদিও নিৰ্দিষ্ট সময় আৰু সম্পূৰ্ণ নীতি নিয়মৰ মাজত থাকি লব লাগিব দেৱালীৰ আনন্দ।প্ৰশাসনে বান্ধি দিয়া নিয়মৰ মাজত থাকি দেৱালীৰ আনন্দ লবলৈ অনুৰোধ আৰক্ষী আয়ুক্ত গৰাকীৰ ।
bite:- দীপক কুমাৰ।
প্ৰশাসনে বান্ধি দিয়া নিয়ম সমূহ এনেধৰণৰ_
1. কম প্ৰবাল্য থকা আতচবাজি অথবা সেউজ বিক্ৰী কৰাৰ নিৰ্দেশ।
2. সংযুক্ত আৰু লেঠাৰি নিছিগা আতচবাজি বিক্ৰী অথবা ব্যৱহাৰ নিষেধ।
3. লাইচেন্স নথকা কোনো বিপনিয়ে আতচবাজি বিক্ৰী কৰিব নোৱাৰিব।
4. ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ হোৱা আতচবাজি পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত বিক্ৰীৰ বাবে উলিয়াব বিক্রেতাই।
5. অনলাইনত আতচবাজি বিক্ৰী নিষেধ।

Conclusion:নিশা 10 বজাৰ পিছত কোনো ধৰণৰ হৈ হাল্লা আৰু আতচবাজি ফুটাব নোৱাৰিব বুলি কোৱাৰ লগতে দেৱালীৰ শুভকামনা জনায় আৰক্ষী আয়ুক্ত দীপক কুমাৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.