ETV Bharat / city

উচ্চ শিক্ষাৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিব নেকি স্নেহা চক্ৰৱৰ্তীৰ বাবে !

author img

By

Published : Jun 9, 2020, 5:31 PM IST

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰৰ পাণ্ডুৰ এগৰাকী ছাত্ৰীয়ে । উচ্চ শিক্ষাৰ বাবে এতিয়া ছাত্ৰীগৰাকীক প্ৰয়োজন হৈছে ৰাইজৰ সহায়ৰ হাতত ।

Guwahati 1st Division holder Sneha need financial support

গুৱাহাটী, ৯ জুনঃ গুৱাহাটী মহানগৰৰ পাণ্ডুৰ বিদ্যা নিকেতন উচ্চ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল স্নেহা চক্ৰৱৰ্তী নামৰ এগৰাকী ছাত্ৰী । আৰ্থিকভাৱে একেবাৰে পিছপৰা ছাত্ৰীগৰাকীৰ পৰিয়াল ।

উচ্চ শিক্ষাৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিব নেকি স্নেহা চক্ৰৱৰ্তীৰ বাবে !

কিন্তু অতি দুখ-কষ্টৰে পঢ়া শুনা কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে । ইংৰাজী বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে স্নেহা চক্ৰৱৰ্তী নামৰ ছাত্ৰীগৰাকী ।

উল্লেখ্য যে, বৰ্তমানে পিতৃহাৰা স্নেহা চক্ৰৱৰ্তী নামৰ ছাত্ৰীগৰাকী । যোৱা এবছৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল স্নেহাৰ পিতৃৰ । তেতিয়াৰ পৰাই পিতৃহাৰা ছাত্ৰীগৰাকীক আগবঢ়াই নিয়াত প্ৰতিমুহূৰ্ততে সহায় কৰি গৈছে মাতৃ,ককায়েক আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। আনৰ ঘৰে-ঘৰে কাম কৰি কন্যাক পঢ়া-শুনা কৰাইছিল মাতৃগৰাকীয়ে ।

অৱশ্যে এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা হেঙাৰ ৰূপে থিয় দিছে স্নেহাৰ জীৱনলৈ । সেয়েহে মেধাৱী ছাত্ৰীগৰাকীক এতিয়া আগুৱাই যাবলৈ অকণমান প্ৰয়োজন হৈছে ৰাইজৰ সহায়-সহযোগিতাৰ । আপোনাৰ অকণমান সঁহাৰিয়ে দৰিদ্ৰ ছাত্ৰীগৰাকীৰ ভৱিষ্যত গঢ়াৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক আগবঢ়াই নিয়াত সহায়ক হ'ব । এতিয়া তাৰে কামনা কৰি আশা পালি চাইছে দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে মেধাৱী ছাত্ৰীগৰাকীয়ে ।

লগতে চাওকঃ কন্যকা কৃষি পাম পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.