ETV Bharat / city

নাগৰিকত্বক লৈ প্ৰশ্ন! কৰ্ণাটকত নিৰ্যাতন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক

author img

By

Published : Aug 13, 2019, 8:41 PM IST

বহিঃৰাজ্যত পুনৰ নিৰ্যাতনৰ বলি অসমৰ শিক্ষাৰ্থী ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক কৰ্ণাটক হাম্পি লটাছ মহলত প্ৰৱেশত বাধা নিৰাপত্তাৰক্ষীৰ ৷ শাৰিৰীক গঠনৰ পৰা ভাৰতীয় নহয় বুলি কৈ অসম ক'ত আছে বুলি প্ৰশ্ন কৰে নিৰাপত্তাৰক্ষীয়ে ৷

নাগৰিকত্বক লৈ প্ৰশ্ন! কৰ্ণাটকত নিৰ্যাতন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক

গুৱাহাটী,13 আগষ্টঃ বহিঃৰাজ্যত পুনৰ নিৰাপত্তাৰক্ষীৰ নিৰ্যাতনৰ বলি অসমৰ শিক্ষাৰ্থী ৷ এইবাৰ কৰ্ণাটকত শাৰিৰীকভাৱে অপদস্থ হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ এটি দল ৷ বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ 7গৰাকী ছাত্ৰই শৈক্ষিক ভ্ৰমণৰ বাবে গৈছিল কৰ্ণাটকলৈ ৷ কৰ্ণাটকৰ হাম্পি লটাছ মহলত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে ভাৰতীয় নহয় বুলি কৈ প্ৰৱেশত বাধা দিয়ে শিক্ষাৰ্থীৰ দলটোক ৷ নিৰাপত্তাৰক্ষীয়ে শিক্ষাৰ্থীসকল ভাৰতীয় নহয় বুলি কোৱাৰ লগতে তেওঁলোকৰ শাৰিৰীক গঠন ভাৰতীয়ৰ দৰে নহয় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ ছাত্ৰকেইজনে নিজৰ পৰিচয় পত্ৰ দেখুওৱাৰ লগতে নিজকে অসমৰ বুলি জনায় যদিও নিৰাপত্তাৰক্ষীয়ে নাজানে অসম ক'ত ৷ সমগ্ৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ডি কৰি শিক্ষাৰ্থীসকলে সেয়া অসমৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

বিগত 12 আগষ্টত ছাত্ৰসকলৰ সৈতে সংঘটিত হয় এই ঘটনা ৷ ছাত্ৰকেইজনে নিৰ্দিষ্ট পৰিমাণৰ মূল্য দি টিকট ক্ৰয় কৰাৰ পিচটো এইদৰে সাধাৰণ নিৰাপত্তাৰক্ষীৰ হাতত অপদস্থ হ'বলগীয়া হোৱা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এই ঘটনা এইয়েই প্ৰথম নহয় কিয়নো ইয়াৰ পূৰ্বেও নতুন দিল্লীত শাৰিৰীকভাৱে অপদস্থ হৈছিল অসমৰ শিক্ষাৰ্থী ৷ অসমৰ এগৰাকী শিক্ষাৰ্থীক তাজমহলত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল নিৰাপত্তাৰক্ষীয়ে ৷

Intro:বহিঃৰাজ্যত পুনৰ অসমৰ ছাত্ৰক ভাৰতীয় নাগৰিকৰ প্ৰমাণ বিচাৰি নিৰ্যাতন। কৰ্ণাটকৰ হাম্পী লটাছ মহলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰক ভাৰতীয় নহয় বুলি প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল।

Body:গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ ৭ গৰাকী ছাত্ৰক যোৱা ১২ আগষ্টত কৰ্ণাটকৰ হাম্পী লটাছ মহলৰ নিৰাপত্তা ৰক্ষীয়ে মহলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। মহলৰ নিৰাপত্তা ৰক্ষীয়ে ছাত্ৰ কেইজনৰ শৰীৰক গঠন ভাৰতীয় লোকৰ নিচিনা নহয় বুলি মহলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰে। নিৰাপত্তা ৰক্ষীয়ে ছাত্ৰ কেইজনৰ পৰা ভাৰতীয় হোৱাৰ প্ৰমাণ বিচাৰি আধাৰ কাৰ্ড দেখুৱাবলৈ কয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সকলে তেওঁলোক অসমৰ পৰা অহা বুলি কোৱাৰ পিছতো নিৰাপত্তা ৰক্ষীয়ে অসম ক'ত বুলি প্ৰশ্ন কৰে। এই সমগ্ৰ ঘটনাৰ ভিডিও ছাত্ৰ সকলে ৰেকৰ্ডিং কৰি অসমলৈ প্ৰেৰণ কৰিছে।

Conclusion:পূৰ্বেও অসমৰ ছাত্ৰৰ লগত বহিঃৰাজ্যত এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল। অসমৰ এগৰাকী যুৱতীকো কিছু বছৰ পূৰ্বে তাজমহলত প্ৰৱেশ কৰাত নিৰাপত্তা ৰক্ষীয়ে বাধা প্ৰদান কৰিছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.