ETV Bharat / city

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীন কাণ্ড

author img

By

Published : Nov 29, 2019, 3:02 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীনতা । প্ৰশ্নকাকত বিভ্ৰান্তিৰ বাবে বাতিল স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা । শুকুৰবাৰে পৰীক্ষাসূচী অনুসৰি ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা আছিল ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব জ্ঞানহীনতা কাণ্ড

গুৱাহাটী, 29 নৱেম্বৰ: পোহৰলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীনতা ৷ প্ৰশ্নকাকত বিভ্ৰান্তিৰ বাবে বাতিল কৰিবলৈ বাধ্য হ’ল স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা ৷ পৰীক্ষাসূচী অনুসৰি আজি অনুষ্ঠিত হ’বলগীয়া আছিল ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা ৷ কিন্তু পৰীক্ষাৰ 15 মিনিট পাচতেই অথন্তৰ ৷ পৰীক্ষা প্ৰশ্নকাকতত ‘‘ভাৰতীয় ৰাজনীতি’’ আৰু ‘‘আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক’’ দুটা ভাগত বিভক্ত থাকিব লাগে । কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো কলেজতে এই দুটা পাঠ্যক্ৰমৰ এটাহে পঢ়োৱা হৈছিল ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীনতা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ অধিকাংশ মহাবিদ্যালয়ত কেৱল পঢ়োৱা হৈছিল ভাৰতীয় ৰাজনীতি বিষয়টো ৷ কিন্তু প্ৰশ্নকাকতত অন্তৰ্ভুক্তয়ে নহ’ল এই বিষয়টো । যাৰ বাবে পৰীক্ষাগৃহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীৰ মাজত । যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবে ফল ভূগিবলগীয়া হয় প্ৰশিক্ষাৰ্থীসকল । পৰীক্ষাৰ 15 মিনিট পাচতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশ মৰ্মে বাতিল কৰা হয় আজিৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাটো ৷

Intro:গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীন কাণ্ড। প্ৰশ্নকাকত বিভ্ৰান্তিৰ বাবে বাতিল কৰিবলৈ বাধ্য হ'ল স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা। পৰীক্ষা সূচী অনুসৰি আজি ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা আছিল। এই প্ৰশ্নকাকতত ভাৰতীয় ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক দুটা ভাগত অস্পন থাকিব লাগে। কিয়নো সকলো কলেজত এই দুটা পাঠ্যক্ৰমৰ এটাহে পঢ়োৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ অধিকাংশ বিদ্যালয়তে ভাৰতীয় ৰাজনীতি পঢ়োৱা হৈছিল। কিন্তু প্ৰশ্নকাকতত অন্তৰ্ভুক্তয়ে নহয় এই বিষয়টো। যাৰ বাবে পৰীক্ষাহলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবে ফল ভূগিবলগীয়া হ'ল প্ৰশিক্ষাৰ্থীসকলে। পৰীক্ষাৰ ১৫ মিনিট পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশমৰ্মে বাতিল কৰা হয় আজিৰ পৰীক্ষা।Body:Guwahati Conclusion:Hirul Haque

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.