ETV Bharat / city

কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে বাহাল থাকিব বিহুৰ বন্ধ

author img

By

Published : Apr 12, 2021, 10:38 PM IST

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বহাগ বিহুৰ বন্ধ বাহাল ৰাখিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ ৷ ১৫ এপ্ৰিলত বহাগ বিহুৰ বন্ধ বাহাল থকাৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ ৷

government decides to continue bihu holiday for central employee
বাধ্য হ'ল চৰকাৰ : কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে বাহাল থাকিব বিহুৰ বন্ধ

গুৱাহাটী, ১২ এপ্ৰিল : অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বহাগ বিহুৰ বন্ধ বাহাল ৰাখিবলৈ বাধ্য হ'ল চৰকাৰ । 15 এপ্ৰিলত বন্ধৰ দাবী জনাই কেন্দ্ৰীয় কৰ্মচাৰীয়ে সাব্যস্ত কৰা প্ৰতিবাদত সেও মানি বন্ধ বাহাল ৰখাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷ উল্লেখ্য যে, পূৰ্বৰে পৰা অসমত কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বাপতি সাহোন বহাগ বিহুৰ দিনটোত বন্ধ উপভোগ কৰি আহিছিল । কিন্তু এইবাৰ কেন্দ্ৰীয় চৰকাৰে বহাগ বিহুৰ বন্ধ প্ৰত্যাহাৰ কৰি দূৰ্গা পূজাৰ বন্ধ এদিনৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ লগে লগে প্ৰতিবাদত উত্তাল হৈ পৰে অসমৰ কেন্দ্ৰীয় কৰ্মচাৰীসকল ।

বাপতি সাহোন বিহুৰ দিনটোত পূৰ্বৰে পৰা উপভোগ কৰি অহা বন্ধ বাহাল ৰাখিবৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ পাছতে অৱশেষত এই প্ৰতিবাদৰ ওচৰত সেও মানিবলৈ বাধ্য হয় কেন্দ্ৰীয় চৰকাৰ । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বিয়লি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত সলনি কৰি এক নতুন নিৰ্দেশনা জাৰি কৰে । সোমবাৰে জাৰি কৰা উক্ত নিৰ্দেশনাতে ১৫ এপ্ৰিলৰ দিনটোত বহাগ বিহুৰ বন্ধ বাহাল থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে ৷

লগতে পঢ়ক : ৰঙালীক আদৰিবলৈ কলিয়াবৰত সাজু হৈছে বিভিন্ন বিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.