ETV Bharat / city

কাজিৰঙাত আশাৰ বতৰা : হ্ৰাস পাইছে গঁড় হত্যা ! - 2019 বর্ষত গঁড় নিধনৰ হাৰ সৰ্বনিম্ন কাজিৰঙাত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2019 বৰ্ষত চোৰাং চিকাৰীৰ হাতত নিধন হৈছে মাত্ৰ তিনিটা গঁড় ৷ যোৱা দহ বছৰৰ তুলনাত 2019 বর্ষত গঁড় নিধনৰ হাৰ সৰ্বনিম্ন কাজিৰঙাত ৷

হ্ৰাস পাইছে গঁড় হত্যা
বিশ্ববিখ্যাত কাজিৰঙাৰ এশিঙীয়া গঁড়
author img

By

Published : Jan 4, 2020, 4:36 PM IST

গুৱাহাটী, 4 জানুৱাৰীঃ এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় চিকাৰৰ সংখ্যা । ২০১৯ বর্ষত উদ্যানখনত চোৰাং চিকাৰীৰ হাতত নিধন হৈছে মাত্ৰ তিনিটা গঁড় । ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, যোৱা দহ বছৰৰ তুলনাত ২০১৯ বর্ষত চোৰাং চিকাৰীৰ হাতত সৰ্বনিম্ন গঁড় নিধন হৈছে কাজিৰঙাত । ২০১৯ বর্ষত গোলাঘাট জিলাত দুটা আৰু বিশ্বনাথ জিলাত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱা বিপৰীতে নগাঁও, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত সংঘটিত হোৱা নাই গঁড় হত্যাৰ ঘটনা ।

আনহাতে, যোৱা বছৰ ভয়াৱহ বানপানীৰ কবলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনত ৯০% এলেকা বানপানীত ডুব যোৱাত মৃত্যু হৈছে কেইবাটাও জন্তুৰ । জানিব পৰা মতে, যোৱা বছৰ বানপানীত কাজিৰঙাত ২০৮ টা বন্যপ্ৰাণী মৃত্যু হৈছিল । ১৮ টা গঁড়, ১৬৭ টা পহু, ১ টা হাতী, ১৮ টা বনৰীয়া গাহৰি আৰু ৩ টাকৈ কেটলাপহু যোৱাবছৰ কাজিৰঙাৰ বানপানীৰ ফলত মৃত্যু হৈছিল ।

কাজিৰঙাত হ্ৰাস পাইছে গঁড় হত্যা

আৰু পঢ়ক : পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণক গৰিহণা ভাৰতৰ

Intro:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যায়নত ২০১৯ বৰ্ষত চোৰাং চিকাৰীৰ হাতত নিধন হৈছে মাত্ৰ তিনিটা গঁড়। যোৱা দহ বছৰৰ তুলনাত ২০১৯ বর্ষত সৰ্বনিম্ন গঁড় নিধন হৈছে কাজিৰঙাত।

Body:এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যায়ন হ্ৰাস পাইছে গঁড় চিকাৰৰ সংখ্যা। ২০১৯ বর্ষত উদ্যায়নখনত চোৰাং চিকাৰীৰ হাতত নিধন হৈছে মাত্ৰ তিনিটা গঁড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যায়নখনৰ কর্তৃপক্ষৰ ফালৰ পৰা জানিব পৰা গৈছে যে যোৱা দহ বছৰৰ তুলনাত ২০১৯ বর্ষত চোৰাং চিকাৰীৰ হাতত সৰ্বনিম্ন গঁড় নিধন হৈছে কাজিৰঙাত। ২০১৯ বর্ষত গোলাঘট জিলাত দুটা আৰু বিশ্বনাথ জিলাত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱা বিপৰীতে নগাঁও, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত সংঘটিত হোৱা নাই গঁড় হত্যাৰ ঘটনা।

Conclusion:আনহাতে যোৱা বছৰ ভয়াবহ বানপানীৰ কবলত পৰা ৰাষ্ট্ৰীয় উদ্যায়নখনত ৯০% এলেকা বানপানীত ডুব যোৱাত মৃত্যু হৈছে কেইবাটাও জন্তুৰ। জানিব পৰা মতে যোৱা বছৰ বানপানীত কাজিৰঙাত ২০৮টা বন্যপ্ৰাণী মৃত্যু হৈছিল। ১৮টা গঁড়, ১৬৭টা পহু, ১টা হাতী, ১৮টা বনৰীয়া গাহৰি আৰু ৩টাকৈ কেটলাপহু যোৱাবছৰ কাজিৰঙাত বানপানীৰ ফলত মৃত্যু হৈছিল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.