গুৱাহাটী,25চেপ্তেম্বৰ : বুধবাৰে গুৱাহাটী মহানগৰীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে SPO সকলে ৷ চাকৰি নিয়মীয়াকৰন,প্ৰাপ্য ধন আদায় কৰাৰ দাবীত SPOসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ পূৰ্বৰে পৰা বহুকেইটা দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰি প্ৰতিবাদ কৰিছিল যদিও কোনো সুফল নোপোৱাত বুধবাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে SPOসকলে ৷ ইয়াৰ লগতে,অন্যান্য বিভাগত খালী হৈ থকা পদত অতি শীঘ্ৰে তেওঁলোকক নিযুক্তি দিয়াৰ লগতে ৰাজ্যৰ চৰকাৰী অথবা বেচৰকাৰী বিভাগত নিযুক্তি দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰে এই দাবীসমূহ মানি নললে পৰৱৰ্তি সময়ত ইয়াতকৈও অধিক ভয়াবহ আন্দোলন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
মহানগৰীৰ চচলত প্ৰতিবাদ SPOসকলৰ - ভয়াবহ আন্দোলন কৰাৰ হুংকাৰ
চাকৰি নিয়মীয়াকৰন,প্ৰাপ্য ধন আদায়ৰ দাবীত SPO সকলে গুৱাহাটী মহানগৰীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে ৷