মৰাণ, 2 মে’: প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰে সোমবাৰে যোগদান কৰে আম আদমী পাৰ্টিত (Manoj Dhanowar joins AAP)। কিছুদিনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা ধানোৱাৰে বিগত কেইদিনমান দিল্লীত বাহৰ পাতি আছিল । উল্লেখ্য যে, ২০২১ চনৰ লাহোৱাল সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজিত হৈছিল ধানোৱাৰ ।
ইতিমধ্যে, দিল্লীত বাহৰ পাতি থকা ধানোৱাৰে আপৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰ পিছতে সন্ধিয়া ৭ বজাত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব । ধানোৱাৰ জিলা কংগ্ৰেছৰ লগতে প্ৰদেশ কংগ্ৰেছ কমিটিত বহু কেইটা পদত দায়িত্ব পালন কৰি থকাৰ পাছতে পদত্যাগ কৰিছিল ।
উল্লেখযোগ্য যে, দল সলনিৰ ধাৰাবাহিকতা অব্যাহত আছে অসমৰ ৰাজনীতিত (Political leader's changing party in Assam) ।
অখিল গগৈৰ প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধি সমন্বিতে কেইবাজনো নেতাই যোগ দিয়ে আম আদমী পাৰ্টিত (Kamal Medhi joins AAP) । অলপতে, ‘ৰাইজৰ দল’ ত্যাগ কৰা কমল কুমাৰ মেধিয়ে সোমবাৰে দিল্লীত আনুষ্ঠানিকভাৱে যোগদান কৰে আম আদমী পাৰ্টিত । ইয়াৰোপৰি, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰো প্ৰাক্তন সভাপতি ৰিপুণ বৰায়ো শেহতীয়াকৈ কংগ্ৰেছ এৰি যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত ৷
লগতে পঢ়ক : ৰাজনৈতিক বৈৰী নহয় পুনৰ এবাৰ কটনৰ অগ্ৰজ-অনুজৰ ৰূপত অখিল-হিমন্ত