ETV Bharat / city

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Nov 23, 2020, 5:49 PM IST

Updated : Nov 23, 2020, 8:30 PM IST

জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি

15:33 November 23

মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে তৰুণ গগৈ

নিউজ ডেস্ক, 23 নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে সন্ধিয়া 5.34 বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ ক'ভিডত আক্ৰান্ত হৈ বহু দিনৰ পৰা চিকিৎসাধীন হৈ থকা গগৈয়ে জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ ৷ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে আদি কৰি দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলে তেওঁৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা অনুসৰি, ৰাজ্যত তিনিদিনীয়া শোক পালন আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে 26 নৱেম্বৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত ৷ 1936 চনৰ 1 এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল এইগৰাকী ৰাজনীতিবিদে ৷ শিশুকাল যোৰহাটতে অতিবাহিত কৰাৰ পাছত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল তৰুণ গগৈয়ে ৷ ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে ৷ এল.এল.বি. সম্পূৰ্ণ কৰি আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷ পৰৱৰ্তী সময়ত Assam Small-Scale Industries Development Corporationৰ অধ্যক্ষৰ পদটো অধিষ্ঠিত হৈছিল তৰুণ গগৈ ৷ 1972 চনত ডলী গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷

ৰাজনৈতিক জীৱন:

ৰাজনৈতিক জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদ হিচাপে 1968 চনত যোৰহাট পৌৰসভালৈ সদস্য হিচাপে নিৰ্বাচিত হয় তৰুণ গগৈ ৷ পৰৱৰ্তী সময়ত, 1976 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেওঁ নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটি চমুকৈ AICC ৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ পিছত 1985-1990 বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ 1991-1996 বৰ্ষৰ বাবে তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে ৷ পৰৱৰ্তী সময়ত 1986-1990 বৰ্ষত তৰুণ গগৈ দেৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চমুকৈ APCCৰ সভাপতি পদত অধিষ্ঠিত হৈ আছিল ৷ 1996 চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷

বিধায়ক হিচাপে তৰুণ গগৈ:

অসম বিধানসভালৈ পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ 1996 চনত প্ৰথম বাৰৰ বাবে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল গগৈ ৷ ইয়াৰ পৰৱৰ্তী সময়ত 2001,2006,2011 আৰু 2016 চনৰ বিধানসভাৰ নিৰ্বাচনত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷

সাংসদ হিচাপে তৰুণ গগৈ:

পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত লোকসভালৈ ছয়বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ 1971 চনৰ 1985 চনলৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ পৰৱৰ্তী সময়ত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গগৈ ৷

মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈ:

2001 চনৰ 17 মে' তাৰিখে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে ৷ পৰৱৰ্তী সময়ত 2006 আৰু 2011 চনত তিতাবৰ সমষ্টিৰ পৰা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল অসমৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰা এই গৰাকী ৰাজনৈতিক নেতা ৷

উল্লেখ্য যে, বিগত 25 আগষ্টত তৰুণ গগৈৰ দেহত ধৰা পৰিছিল ক'ভিড পজিটিভ ৷ তেতিয়াৰে পৰা ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল নেতাগৰাকীৰ ৷ গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ কিন্তু পুনৰ 1 নৱেম্বৰৰ নিশা হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে নেতাগৰাকী ৷ শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল নেতাগৰাকীক ৷ তেতিয়াৰে পৰা চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছিল তেওঁ ৷ 

Last Updated : Nov 23, 2020, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.