ETV Bharat / city

মাৰ্কিন বঁটাৰ বাবে মনোনীত অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থ - দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট

অসম তথা ভাৰতবাসীলৈ সুখবৰ ৷ যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থ আমেৰিকাৰ ২০২৩ বৰ্ষৰ নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে মনোনীত হৈছে (Man Jadav Payeng Biographical book) ৷ শিশু সাহিত্যিক ছ’ফিয়া গলজৰ চিত্ৰ সাহিত্যৰ এই গ্ৰন্থখন প্ৰকাশ পাইছিল ২০১৯ চনতে ৷

Forest Man Jadav Payeng Biographical book nominated for 2023 North Carolina Children's Book Award
অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থ মাৰ্কিন বঁটাৰ বাবে মনোনীত
author img

By

Published : Jun 5, 2022, 6:25 PM IST

গুৱাহাটী, 5 জুন: সৃষ্টিশীলতাৰে বিশ্বপ্ৰসিদ্ধি লাভ কৰা অৰণ্য মানৱ যাদৱ পায়েং (Forest Man Jadav Payeng ) পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে । লগতে উজলাই তুলিছে অসমক । যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থ ‘দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট’ আমেৰিকাৰ ২০২৩ বৰ্ষৰ নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে মনোনীত হৈছে (Jadav Payeng Biographical book nominated for 2023 North Carolina Children's Book Award) ।

অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মক লৈ আমেৰিকাৰ শিশু সাহিত্যিক ছ’ফিয়া গলজে লিখা ‘দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট’ (The Boy Who Grew A Forest) শীৰ্ষক গ্ৰন্থখন নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে মনোনীত হৈছে । এইবাৰে যাদৱ পায়েঙৰ গ্ৰন্থখনকে ধৰি মুঠ 9খন গ্ৰন্থ মাৰ্কিন শিশু সাহিত্য বঁটাৰ (American children's literary awards) বাবে নিৰ্বাচিত হৈছে ৷ শিশু সাহিত্যিক ছ’ফিয়া গলজৰ চিত্ৰ সাহিত্যৰ এই গ্ৰন্থখন প্ৰকাশ পাইছিল ২০১৯ চনতে ৷

  • The Boy Who Grew A Forest has been shortlisted for the 2023 North Carolina Children's Book Award! @NCCBABooks Wow! Thank you for this honor. I hope the kids of NC find inspiration in Jadav Payeng’s story.🌱🌴🌳 💚 You can see the full list of books here: https://t.co/AqiIQudCut pic.twitter.com/mtJEkPzDz4

    — Sophia Gholz 💫 (@sophiagholz) May 31, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আমেৰিকাৰ শ্লিপিং বেয়াৰ প্ৰেছে প্ৰকাশ কৰা গ্ৰন্থখনত চিত্ৰ অংকন কৰিছে কায়লা হাৰেপে । ২০২৩ বৰ্ষৰ নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থখনে মনোনয়ন লাভ কৰা খবৰ ছ’ফিয়া গলজে নিজেই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে ৷ লগতে যাদৱ পায়েঙৰ ফটোও লেখিকা ছ’ফিয়াই আপলোড কৰিছে ছ’চিয়েল মিডিয়াত ।

য’ত ছ’ফিয়াই লিখিছে, "যাদৱ পায়েঙৰ জীৱনীমূলক মোৰ এই কিতাপখন শিশু সাহিত্য বঁটাৰ বাবে মনোনয়ন লাভ কৰাত অভিভূত হৈ পৰিছোঁ ৷ এই সন্মানৰ বাবে মই কৃতজ্ঞ ৷ ভাৰতৰ যাদৱ পায়েঙৰ জীৱনীয়ে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিব বুলি মই আশাবাদী ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে যাদৱ পায়েঙৰ কাহিনীৰ বিষয়ে জানি অনুপ্ৰাণিত হোৱা বুলি চিঠি লিখিছে ৷ এই চিঠিসমূহৰ লগতে গ্ৰন্থখনৰ জাৰ্মান আৰু ফৰাচী সংস্কৰণৰ কেইবাটাও কপি যাদৱ পায়েঙলৈ প্ৰেৰণো কৰিছো ৷"

অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থ মাৰ্কিন বঁটাৰ বাবে মনোনীত

ইফালে অৰণ্য মানৱ যাদৱ পায়েঙে তেওঁৰ জীৱনৰ ওপৰত লিখা গ্ৰন্থখন লেখকৰ পৰা লাভ কৰি আনন্দ প্ৰকাশ কৰিছে । তেওঁ লেখিকা ছ’ফিয়াৰ লগতে গ্ৰন্থখনত চিত্ৰ অংকন কৰা কায়লাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.