ETV Bharat / city

অজিত ভূঞাৰ দলৰে কিয় মত নিমিলে অৰূপ বৰবৰাৰ: ই টিভি এক্সক্লুছিভ

author img

By

Published : Aug 29, 2020, 8:59 PM IST

ইতিমধ্যে ন-কৈ গঠন হ'বলগীয়া আঞ্চলিক দলসমূহৰ নেতাসকলৰ সৈতে আলোচনা কৰি আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাবে কিদৰে এই আঞ্চলিক শক্তিসমূহে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে বুলিও প্ৰকাশ কৰে বৰবৰাই । কিন্তু সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন মৰ্চাৰ সৈতে একেখন মঞ্চত নাথাকে অৰূপ বৰবৰাৰ দল । কিয় ?

Exclusive Meeting With Senior Advocate Arup Borbora  By ETV  Reporter Gautam Barua At Guwahati
অজিত ভূঞাৰ দলৰে কিয় মত নিমিলে অৰূপ বৰবৰাৰ: ই টিভি এক্সক্লুছিভ

গুৱাহাটী, ২৯ আগষ্টঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ । এই সময় খিনিতে অসমত কেইবাটাও নতুন আঞ্চলিক ৰাজনৈতিক দল জন্মৰ উকমুকনি চলিছে । ইতিমধ্যে সাংসদ অজিত ভূঞাৰ নেতৃত্বত এটা নতুন আঞ্চলিক ৰাজনৈতিক মৰ্চা গঠনৰ পিছত অলপতে জ্যেষ্ঠ অধিবক্তা, লেখক অৰূপ বৰবৰাৰ নেতৃত্বত জন্ম লৈছে এটা নতুন আঞ্চলিক দলো । নতুনকৈ আত্মপ্ৰকাশ কৰা এই "সংযুক্ত আঞ্চলিক দল" এ ২০২১ ৰ বিধানসভা নিৰ্বাচনতো অৱতীৰ্ণ হ'ব । কিন্তু নতুনকৈ জন্ম হোৱা এই আঞ্চলিক ৰাজনৈতিক দলসমূহে লাভবান কৰিব কাক ? সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বতো আৰু দুটা নতুন ৰাজনৈতিক দল জন্ম হোৱাৰ পথত ।

তেনে ক্ষেত্ৰত আগন্তুক নিৰ্বাচনত আঞ্চলিকতাবাদী শিবিৰৰ ভোট বিভক্ত হোৱাটো নিশ্চিত । নৱগঠিত "সংযুক্ত আঞ্চলিক দল" ৰ গুৰিধৰোতা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰকাশ কৰিছে বহু কথা । ইতিমধ্যে ন-কৈ গঠন হ'বলগীয়া আঞ্চলিক দলসমূহৰ নেতাসকলৰ সৈতে আলোচনা কৰি আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাবে কিদৰে এই আঞ্চলিক শক্তিসমূহে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে বুলিও প্ৰকাশ কৰে বৰবৰাই । কিন্তু সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন মৰ্চাৰ সৈতে একেখন মঞ্চত নাথাকে অৰূপ বৰবৰাৰ দল ।

লগতে পঢ়ক- আছুৰ সৈতে একেখন নাৱতে উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.