ETV Bharat / city

লক ডাউন বৃদ্ধি নকৰিবলৈ চৰকাৰক আহ্বান তৰুণ গগৈৰ - Ex CM Tarun Gogoi React on Lockdown Extention

মহানগৰীত কৰ’ণা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছিল পুনৰ লক ডাউন ৷ বৰ্তমানে গুৱাহাটীত চলি আছে লক ডাউন প্ৰক্ৰিয়া ৷ দেওবাৰ অৰ্থাৎ 12 জুলাই লৈকে গুৱাহাটীত বলৱৎ থাকিব লক ডাউন ৷ কিন্তু পুনৰ লক ডাউন বৃদ্ধি কৰিব নেকি চৰকাৰে তাক লৈ এতিয়া ব্যাপক উৎকণ্ঠা ৷ এই সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া ৷

Ex CM Tarun Gogoi React on Lockdown Extention
লক ডাউন বৃদ্ধি নকৰিবলৈ চৰকাৰক আহ্বান তৰুণ গগৈৰ
author img

By

Published : Jul 11, 2020, 6:22 PM IST

গুৱাহাটী, 11 জুলাই: পুনৰ গুৱাহাটীত বৃদ্ধি কৰা হ’ব নেকি লক ডাউনৰ সময়সীমা ৷ তাক লৈ এতিয়া বিভিন্ন লোকৰ মাজত ব্যাপক আলোচনা ৷ লক ডাউন বৃদ্ধিৰ প্ৰসংগত এইবাৰ মুখ খুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । চৰকাৰে যদি লক ডাউন বৃদ্ধিৰ সিদ্ধান্ত লয় তেন্তে সেয়া অতিকৈ ভুল হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লক ডাউন বৃদ্ধি নকৰিবলৈ চৰকাৰক আহ্বান তৰুণ গগৈৰ

তেওঁ লগতে কয়,কেৱল লক ডাউনেই কৰ'ণা সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় নহয় । কৰ'ণা ৰোধৰ বাবে অন্য প্ৰক্ৰিয়া অৱলম্বন কৰক চৰকাৰে । লক ডাউন বৃদ্ধি নকৰিব আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

গুৱাহাটীত যোৱা 28 জুনৰ সন্ধিয়া 7 বজাৰ পৰা দুসপ্তাহলৈ ঘোষণা কৰা হৈছিল লক ডাউন ৷ পূৰ্বৰ ঘোষণা অনুসৰি 12 জুলাইলৈকে বাহাল থাকিব এই লক ডাউন ৷ কিন্তু বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে,12 জুলাইৰ পাছত পুনৰ 26 জুলাইলৈ লক ডাউনৰ সময়সীমা বৃদ্ধিৰ কৰাৰ সম্ভাৱনা আছে ৷

লগতে চাওক-শদিয়াৰ বিধায়ক কোভিড পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.