গুৱাহাটী, ১৭ মে': খুব সোনকালেই পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিগত পাচটা বছৰে খাৰঘুলি পাহাৰৰ ব্ৰক্ষ্মপুত্ৰ ৰাজ্যিক অতিথিশালাটো মুখ্যমন্ত্ৰীৰ বাসগৃহ হিচাপে ব্যৱহৃত হৈ আহিছিল । কিন্তু এতিয়া আৰু সেই অতিথিশালা ব্যৱহাৰ কৰি থাকিব খোজা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে ।
প্ৰাপ্ত তথ্য অনুসৰি খুব সোণকালেই সোণোৱালে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা ত্যাগ কৰিব । সেই অনুসৰি দিছপুৰৰ মিনিষ্টাৰ্ছ কলনিত হ’ব সোণোৱালৰ নতুন ঠিকনা । ই টিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি মিনিষ্টাৰ্ছ কলনিৰ M 13 নম্বৰৰ ঘৰটোৱেই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নতুন ঠিকনা হ’ব । প্ৰাক্তন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ চৰকাৰী বাসগৃহটোৰ গাতে লাগি আছে M 13 আৱাসটো । সদ্যহতে এই আৱাসটোৰ বাসিন্দা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী । হৃষীকেশ গোস্বামীয়ে ব্যৱহাৰ কৰি অহা এই আৱাসটোৱেই নতুনকৈ সজাই পৰাই তোলা হব সোণোৱালৰ বাবে ।
লগতে পঢ়ক : কভিড-১৯ত আক্ৰান্ত হৈ আবছুৰ প্ৰাক্তন সভাপতিৰ মৃত্যু