ETV Bharat / city

জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ কালেশ্বৰ পাহাৰত বন বিভাগৰ উচ্ছেদ

author img

By

Published : Sep 15, 2021, 9:40 AM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ সকলো বন সংমণ্ডল প্ৰাধিকাৰীক নিজ নিজ এলেকাৰ সংৰক্ষিত বনাঞ্চলত বনভূমি বেদখলকাৰীক উচ্ছেদ কৰি তাত পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিছে । এই নিৰ্দেশৰ আধাৰত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াই সংমণ্ডলৰ পাঁচোটা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খণ্ড বন বিষয়াসকলক তেওঁলোকৰ অধীনৰ সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰে ।

Forest department evicted in Kaleshwar hills of Jalukbari reserve forest
জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ কালেশ্বৰ পাহাৰত বন বিভাগৰ উচ্ছেদ

গুৱাহাটী , 15 ছেপ্টেম্বৰ : গুৱাহাটী বনাঞ্চলৰ অধীনস্থ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ে মঙলবাৰে জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ কালেশ্বৰ পাহাৰৰ নামনিত উচ্ছেদ অভিযান চলাই নতুনকৈ বেদখল কৰি নিৰ্মাণ কৰা এটা ঘৰ ভাঙি পেলায় । পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ ৰোহিণী বল্লভ শইকীয়াৰ নিৰ্দেশত গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই সোমবাৰে এই উচ্ছেদ অভিযান চলাবলৈ খানামুখৰ খণ্ড বন বিষয়াক লিখিত নিৰ্দেশ প্ৰেৰণ কৰিছিল ।

বনাঞ্চলিক বিষয়াৰ নিৰ্দেশৰ ভিত্তিত খানামুখ খণ্ড বন বিষয়া ৰূপন হালৈৰ নেতৃত্বত যোৱা বনকর্মীৰ এটা দলে দুদিন পূৰ্বে নিৰ্মাণ কৰা তৰ্জাৰ চালিঘৰটো ভাঙি পেলায় । উল্লেখ্য যে, পৰিৱেশ সংৰক্ষণৰ বাবে ৰাজ্যৰ বন বিভাগে বনাঞ্চলত বেদখলকাৰীক উচ্ছেদ আৰু উচ্ছেদিত স্থানত গছপুলি ৰোপণকে ধৰি কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও একাংশ লোকে ৰাজ্যৰ আন বনাঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কূট কৌশল অৱলম্বন কৰি বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বনাঞ্চলিক বিষয়া জাৰি কৰা নিৰ্দেশনা অনুসৰি মঙলবাৰে গুৱাহাটী বনাঞ্চলৰ অধীনৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ে জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ কালেশ্বৰ পাহাৰৰ নামনিত নতুনকৈ বেদখল কৰি নিৰ্মাণ কৰা এটা ঘৰটো ভাঙি পেলায় । জানিব পৰা মতে, জুন মাহত দুবাৰকৈ গোটানগৰ সংৰক্ষিত বনাঞ্চলত নতুনকৈ বেদখল কৰা কেইবাটাও ঘৰ উচ্ছেদ কৰিছিল খানামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয়ে ।

লগতে পঢ়ক : ভূমি সম্পৰ্কীয় কোনো ক্ষেত্ৰত ধনৰ লেন-দেন সহ্য কৰা নহ’ব : বিশ্বজিৎ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.