45 বৰ্ষ পূৰ্বে 1975 চনত আজিৰ দিনটোতে সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমগ্ৰ দেশতে ঘোষণা কৰিছিল দেশৰ ইতিহাসৰ অন্ধকাৰময় অৱস্থা, জৰুৰীকালীন অৱস্থা ৷ সেইসময়ৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদে সংবিধানৰ অনুচ্ছেদ 352 (1)ৰ অধীনত জৰুৰীকালীন অৱস্থা বলৱৎ কৰিছিল আৰু 1975 চনৰ 25 জুনৰ পৰা 1977 চনৰ 21 মে'লৈ সমগ্ৰ দেশতে জাৰী হৈ আছিল ৷
1975 চনৰ 25 জুনৰ আবেলিৰ ভাগত জয়প্ৰকাশ নাৰায়নে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবীৰে অসামৰিক অমান্য আন্দোলন আৰম্ভ কৰিছিল ৷ ইয়াৰ ফলশ্ৰুতিতে চৰকাৰে আভ্যন্তৰীন নিৰাপত্তা আইনৰ দ্বাৰা 26 জুনৰ আৰম্ভনিতে ইন্দিৰা গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধাচাৰণ কৰা 100ৰো অধিক লোকক আটক কৰিছিল ৷ আটকাধীন লোকসকলৰ ভিতৰত জয়প্ৰকাশ নাৰায়ন, ৰাজ নাৰাইন, জ্যোতিৰ্ময় বসু (চিপিআইএম), সমৰ গুহ (জনসংঘৰ সভাপতি) ৷
তলত জৰুৰীকালীন অৱস্থাৰ বিষয়ে কিছু তথ্য তুলি ধৰা হ'ল...
জৰুৰীকালীন অৱস্থাৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীৰ সময়লানি...
• 1 জুলাই 1975, অৰ্থনৈতিক আৰু সামাজিক সংস্কাৰ: অসামৰিক অধিকাৰ খৰ্ব কৰি চৰকাৰে এক বাধ্যতামুলক জন্মনিয়ন্ত্ৰণ আঁচনি জাৰী কৰে ৷ জৰুৰীকালীন অৱস্থাৰ সময়ত ইন্দিৰা গান্ধীৰ 20 দফীয়া নীতিৰ দ্বাৰা ভূমিহীন শ্ৰমিক, ক্ষুদ্ৰ কৃষক আৰু গ্ৰামীণ শিল্পীসকলৰ ধাৰ মৃসন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ এই আঁচনিৰ দ্বাৰা তেওঁলোকৰ ঐচ্ছিক ধাৰৰ সীমা বঢ়োৱাৰ লগতে বন্দেড শ্ৰম নাশ কৰা আৰু কৃষি আৰু চিলিং আইন বলৱৎ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল ৷ ভূমিহীন শ্ৰমিক আৰু সমাজৰ দুৰ্বল শ্ৰেণীক ঘৰ বনোৱাৰ বাবে ঠাই প্ৰদান আৰু কৃষি শ্ৰমৰ মূল্য বৃদ্ধি কৰিবলৈ বিচৰা হৈছিল ৷ এই আঁচনিয়ে হস্ততাঁত উদ্যোগকো সাঙুৰি লৈছিল আৰু অতিমাত্ৰা কৰৰ লগতে চোৰাং সৰবৰাহৰ দৰে ঘটনা ৰোধ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰপ্তানি আৰু উৎপাদন বৃদ্ধি কৰিব বিচৰা হৈছিল ৷ এই আঁচনিয়ে 8000টকালৈ আয়কৰ অব্য়াহতি প্ৰদান কৰাৰ লগতে বিনিয়োগক মুক্ত হাত প্ৰদান কৰিছিল ৷
• 4 জুলাই, 1975 চাৰিটাকৈ দল নিষিদ্ধ ঘোষণা: ভাৰত চৰকাৰে চাৰিটাকৈ ধৰ্মীয়, ৰাজনৈতিক আৰু বৈপ্লিৱক সংগঠনৰ লগতে তেওঁলোকৰ লগত জড়িত 22টাকৈ সহযোগী সংস্থাক নিষিদ্ধ ঘোষণা কৰে ৷ ইয়াৰ ভিতৰত আছিল অনাদ মাৰ্গ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, নক্সালবাদী আৰু জামাত-ই-ইছলামী-ই-হিন্দ ৷
• 3 আগষ্ট, 1975: Representation of the People Actৰ এক সংশোধনী খচৰা তৈয়াৰ কৰি 1975 চনৰ 12 জুনৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰা ইন্দিৰা গান্ধীক অব্যাহতি প্ৰদান ৷
• 4 আগষ্ট, 1975: জৰুৰীকালীন অৱস্থা ঘোষণাৰ পিচৰে পৰাই 50000ৰো অধিক ব্যক্তিক আটক ৷
• 15 আগষ্ট, 1975: বাংলাদেশৰ ৰাষ্ট্ৰপতি মজিবুৰ ৰহমানক সামৰিক বিষয়াৰ দ্বাৰা হত্যাৰ পিচতেই ভাৰতীয় ৰাজনীতিলৈ ভাবুকি ৷
• 15 ছেপ্টেম্বৰ 1975: আভ্যন্তৰীন নিৰাপত্তা আইনৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ লগে লগেই ইয়াৰ ওপৰত ধাৰা আৰোপ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দান ৷
• 26 ছেপ্টেম্বৰ 1975: সংবিধানৰ (39সংখ্যক) সংশোধনী বিধেয়ক, 1975ৰ দ্বাৰা সদনৰ ক্ষমতাৰ বাহিৰেও প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰাক অনুমতি প্ৰদান ৷
• 9 জানুৱাৰী 1976: ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 19ৰ দ্বাৰা প্ৰদান কৰা 7টাকৈ স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰে চৰকাৰে ৷
• 4 ফেব্ৰুৱাৰী 1976: লোকসভাৰ ম্যাদ এবছৰলৈ বৃদ্ধি ৷
• 2 নৱেম্বৰ 1976: লোকসভাত সংবিধানৰ 42সংখ্যক সংশোধনী বিধেয়ক গৃহীত ৷ ইয়াৰ দ্বাৰা ভাৰতক এখন সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ লগতে মৌলিক কৰ্তব্যসমূহৰ সংযোজন ৷
• 18 জানুৱাৰী, 1976: ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ ঘোষণা ৷
• 21 মাৰ্চ 1976: জৰুৰীকালীন অৱস্থা বাতিল ৷
• 22 মাৰ্চ 1976: জনতা পাৰ্টীৰ নিৰকুংশ সংখ্যাগৰিষ্ঠতা অৰ্জন ৷
ভাৰতীয় সংবিধানৰ জৰুৰীকালীন অৱস্থাঃ
ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিক তিনিধৰণৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ ক্ষমতা প্ৰদান কৰে ৷ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা, অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা আৰু ৰাজ্যিক জৰুৰীকালীন অৱস্থা ৷ ভাৰতে জাৰ্মানীৰ সংবিধানৰ পৰা জৰুৰীকালীন অৱস্থাসমূহ ইয়াৰ সংবিধানত সংযোজন কৰিছিল ৷ ভাৰতীয় সংবিধানৰ 352 অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা, 356 অনুচ্ছেদৰ অধীনত ৰাজ্যিক জৰুৰীকালীন অৱস্থা (ৰাষ্ট্ৰপতিৰ শাসন) আৰু 360 অনুচ্ছেদৰ অধীনত বিত্তীয় জৰুৰীকালীন অৱস্থা নিৰ্ধাৰণ কৰা হয় ৷
প্ৰধানমন্ত্ৰী হিচাপে ইন্দিৰাৰ অন্ধকাৰময় অধ্যায়ঃ
• ৰাজ নাৰাইনে এলাহাবাদ উচ্চ ন্যায়ালয়ত নিৰ্বাচনত জালিয়াতিৰ আশ্ৰয় লোৱাৰ লগতে চৰকাৰে নিৰ্বাচনত শক্তি প্ৰয়োগ কৰাৰ অভিযোগ দাখিল কৰে ৷ 1971 চনৰ সংসদীয় নিৰ্বাচনত ইন্দিৰা গান্ধীৰ হাতত পৰাস্ত হৈছিল ৰাজ নাৰাইন ৷
• প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক আদালতত সোধা-পোচা কৰা হৈছিল ৷
• এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীক দোষী ঘোষণা কৰাৰ লগতে নিৰ্বাচনী বিধি অমান্য কৰাৰ অপৰাধত তেওঁক লোকসভাৰ আসনৰ পৰা বহিষ্কাৰ কৰে ৷
• এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় ইন্দিৰা গান্ধী ৷
• 1975 চনৰ 24 জুনত উচ্চতম ন্য়ায়ালয়ৰ ন্যায়াধীশ ভি.আৰ. কৃষ্ণা আয়াৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায় মান্য বুলি ৰায়দান কৰি ইন্দিৰা গান্ধীৰ পৰা সাংসদৰ পদ খাৰিজ কৰাৰ লগতে তেওঁক ভোটদানৰ পৰা বহিষ্কাৰ কৰে ৷
• ইয়াৰ উপৰিও, সদনত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে ভাৰতীয় সংবিধানক একপক্ষীয়ভাৱে সংশোধন কৰা হৈছিল, বিশেষকৈ 42সংখ্যক সংবিধান সংশোধনী আইনখন সংখ্যাগৰিষ্ঠতাৰ ভিত্তিতে এইদৰে সংশোধন কৰা হৈছিল ৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনক আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰাকৈ সংবিধান সংশোধন কৰা হৈছিল ৷ ইয়াৰ উপৰিও সঞ্জয় গান্ধী যি সেইসময়ত কোনো পদত অধিস্থিত নাছিল, চৰকাৰ, প্ৰশাসনৰ ওপৰত অধিকাংশ অধিকাৰ আৰু নিয়ন্ত্ৰণ লাভ কৰিছিল ৷
21 মাহযোৰা জৰুৰীকালীন অৱস্থাঃ
21 মাহ দীঘলীয়া জৰুৰীকালীন অৱস্থাৰ লক্ষ্য আছিল আভ্যন্তৰীণ সমস্যা নিয়ন্ত্ৰণ কৰা, যাৰ বাবে সাংবিধানিক অধিকাৰ আৰু মতপ্ৰকাশৰ লগতে সংবাদমাধ্যমৰ স্বাধীনতা কাঢ়ি লোৱা হৈছিল ৷ ইন্দিৰা গান্ধীয়ে ইয়াক ৰাষ্ট্ৰহিতৰ দোহাই দি তিনিটা যুক্তি দাঙি ধৰিছিল....
• প্ৰথমে, ইন্দিৰা গান্ধীয়ে কৈছিল যে, ভাৰতৰ নিৰাপত্তা আৰু গণতন্ত্ৰ জয়প্ৰকাশ নাৰায়নে আৰম্ভ কৰা আন্দোলনৰ পৰা বিপদাপন্ন হৈছে ৷
• দ্বিতীয়তে, তেওঁ মত প্ৰকাশ কৰিছিল যে, এক ক্ষীপ্ৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজন আছে আৰু পিচপৰাসকলৰ উন্নতিৰ প্ৰয়োজন আছে ৷
• তৃতীয়তে, তেওঁ বহিৰাগত শক্তিৰ পৰা অহা ক্ষমতাই ভাৰতক অস্থিৰ তথা দুৰ্বল কৰি তুলিব পাৰে আৰু তাৰ বাবে সাৱধানবানী প্ৰদান কৰিছিল ৷
জৰুৰীকালীন অৱস্থাৰ পিচৰচোৱা সময়ঃ
• 1977 চনৰ জানুৱাৰী মাহত চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷
• বিৰোধীয়ে জনতা পাৰ্টী নাম লৈ জয়প্ৰকাশ নাৰায়নৰ নেতৃত্বত একত্ৰিত হয় আৰু স্বাধীনতাৰ পিচত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত কংগ্ৰেছে শোচনীয় পৰাজয় বৰণ কৰে ৷ নিৰ্বাচনত কংগ্ৰেছ দলে মাত্ৰ 154খন আসন লাভ কৰাৰ বিপৰীতে জনতা পাৰ্টীয়ে 295খন আসন (330, মিত্ৰজোঁটৰ সৈতে) লাভ কৰে ৷
• ৰায়বেৰেলিত ইন্দিৰা গান্ধী আৰু আমেথিত সঞ্জয় গান্ধীৰ শোচনীয় পৰাজয় ৷
• জনতা চৰকাৰৰ গৃহমন্ত্ৰী চৌধুৰী চৰণ সিঙে ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইন্দিৰা গান্ধীক যাতে সদনৰ পৰা বহিষ্কাৰ কৰিব পাৰি তাৰ বাবেই গ্ৰেপ্তাৰৰ নিৰ্দেশনা জাৰী কৰা হৈছিল ৷
• অৱশ্যে এই কৌশলে জনতা চৰকাৰক কাম নিদিলে আৰু ইয়াৰ দ্বাৰা ওলোটাই ইন্দিৰাই দুবছৰ পূৰ্বে তেওঁক সংশয় কৰি চলা জনতাৰ মন জিনিবলৈ সক্ষম হৈছিল ৷
• ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ পূৰ্বে কৰা কামৰ বাবে চৰকাৰ তথা আদালতক হৰুৱাবলৈ সক্ষম হয় ৷ পুনৰ ইন্দিৰাই ভাষণ দিবলৈ আৰম্ভ কৰে আৰু কৌশলগতভাৱে তেওঁৰ ভুলৰ বাবে জনতাক ক্ষমা খুজিবলৈ আৰম্ভ কৰে আৰু ইয়ে 1980চনত ইন্দিৰাক পুনৰ ক্ষমতাৰ গাদীলৈ অহাত সহায় কৰে ৷
জৰুৰীকালীন অৱস্থাৰ পৰা কি শিকিবলগীয়াঃ
লেখক জ্ঞানপ্ৰকাশৰ সদ্য প্ৰকাশিক গ্ৰন্থ Emergency Chroniclesক ভাৰতৰ জৰুৰীকালীন অৱস্থাক “a momentary distortion in India’s proud record of democracy,” বুলি কোৱা হৈছে ৷ জৰুৰীকালীন অৱস্থাৰ পৰা আমি এইটোৱে শিকিব পাৰো যে, কিদৰে কিছুসংখ্যক ভয়ানক আইনে আমাৰ মৌলিক অধিকাৰ, বাকস্বাধীনতাৰ অধিকাৰ আৰু গণতন্ত্ৰৰ মুলধাৰাটো সাধাৰণ জনতাৰ বাবে বিপদাপন্ন কৰি তুলিব পাৰে ৷