নিউজ ডেস্ক,18 এপ্ৰিল: ৰাজ্যজুৰি ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পাইছে ৷ স্কুল বন্ধক লৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ এশতকৈ অধিক ক’ভিড আক্ৰান্ত ৰোগী ধৰা পৰা জিলাসমূহৰ প্ৰাথমিক বিদ্যালয়সমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে ৷
এই নিৰ্দেশনা চৰকাৰী আৰু বে-চৰকাৰী সকলো ধৰণৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য় হ’ব বুলি জাননীত প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, শিক্ষা বিভাগৰ পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান বন্ধ থাকিব ৷
লগতে পঢ়ক : নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা