ETV Bharat / city

দুৰ্গা পূজাত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰীৰে অভিলেখ গুৱাহাটীত

author img

By

Published : Oct 6, 2022, 9:23 PM IST

দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজত গুৱাহাটী মহানগৰীত সুৰা বিক্ৰীৰে অভিলেখ ৷ দুৰ্গোসৎৱৰ মাজতে এইবাৰ গান্ধী জয়ন্তী পৰাত সপ্তমীৰ দিনা বন্ধ আছিল সুৰাৰ বিপনী । আনহাতে দশমী দিনাও আছিল ড্ৰাই ডে’ ৷ ইয়াৰ মাজতে পূজাৰ মাত্ৰ তিনিটা দিনত গুৱাহাটীত বিক্ৰী হয় ১৬.৮০ কোটি টকাৰ সুৰা(Liquor Worth Rs 16Cr 80 Laks Sold In Guwahati) ৷

Durga Puja records in Guwahati on Liquor sale
দুৰ্গা পূজাত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰীৰে অভিলেখ

গুৱাহাটী, ৬ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজত গুৱাহাটী মহানগৰীত সুৰাপায়ীসকলে গঢ়িলে অভিলেখ(Record Sale Of Liquor In Guwahati During Puja) । দুৰ্গা পূজাৰ তিনিদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল ১৬.৮০ কোটি টকাৰ সুৰা(Liquor Worth Rs 16Cr 80 Laks Sold In Guwahati) । ষষ্ঠীৰ দিনা ১ অক্টোবৰত গুৱাহাটীত বিক্রী হয় ৬.৭৫ কোটি টকাৰ সুৰা । ২ অক্টোবৰ সপ্তমীৰ দিনা গান্ধী জয়ন্তীৰ বাবে বন্ধ আছিল সুৰাৰ বিপনী । অষ্টমীৰ দিনা ৩ অক্টোবৰত বিক্রী হয় ৪.৮০ কোটি টকাৰ সুৰা ।

আনহাতে নৱমীৰ দিনা ৪ অক্টোবৰত মহানগৰীত বিক্রী হয় ৫.২৫ কোটি টকাৰ সুৰা । দশমীৰ দিনা বন্ধ আছিল সুৰাৰ বিপনী । অৰ্থাৎ তিনিদিনত গুৱাহাটীত বিক্ৰী হয় ১৬.৮০ কোটি টকাৰ সুৰা । এই তথ্য সদৰি কৰিছে আবকাৰী বিভাগে । বিগত দুটা বছৰত ক'ভিড পৰিস্থিতিৰ পাছত এইবাৰ ৰাইজে মুকলি মনেৰে পূজা উপভোগ কৰাৰ লগতে সুৰাপায়ীসকলেও মুকলি মনেৰে পান কৰিলে সুৰা(Durga Puja in Guwahati) ।

যাৰবাবে সুৰা বিক্ৰীৰ ক্ষেত্রত সৃষ্টি হ'ল অভিলেখ(Durga Puja records in Guwahati on Liquor sale) ।

উল্লেখ্য যে, বিশ্বকৰ্মা পূজাৰ দিনাও অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হৈছিল গুৱাহাটী মহানগৰীত । বিশ্বকৰ্মা পূজাৰ দিনটোত গুৱাহাটীত বিক্ৰী হৈছিল মুঠ ৬.২০ কোটি টকাৰ সুৰা । ২০২১ বৰ্ষত এই পৰিমাণ আছিল ৩.৭০ কোটি টকা । বিগত বৰ্ষৰ তুলনাত এইবাৰ ৫০ শতাংশ অধিক সুৰা বিক্ৰী হৈছিল । নৱবৰ্ষ, দুৰ্গা পূজা আদি বিভিন্ন উৎসৱ-পাৰ্বণত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে । সুৰাৰ এই ব্যাপক চাহিদা বৃদ্ধি ভাল নে বেয়া সেয়া ৰাইজে বিবেচনা কৰিব ।

লগতে পঢ়ক: অসমত ৮ বছৰত কিমান সফল স্বচ্ছ ভাৰত মিছন ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.