ETV Bharat / city

শোকস্তব্ধ ডলী গগৈলৈ পত্ৰ প্ৰেৰণ মনমোহন সিঙৰ

author img

By

Published : Nov 23, 2020, 10:34 PM IST

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পত্নী ডলী গগৈলৈ মনমোহন সিঙৰ পত্ৰ প্ৰেৰণ ৷ পত্ৰৰ জৰিয়তে গভীৰ শোকপ্ৰকাশ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী, অসম
তৰুণ গগৈ

নিউজ ডেস্ক, 23 নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁৰ মৃত্যুৰ পাচতে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ শোকস্তব্ধ পত্নী ডলী গগৈলৈ এক পত্ৰ প্ৰেৰণ কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ মনমোহন সিঙে ৷

তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি
শোকস্তব্ধ ডলী গগৈলৈ পত্ৰ প্ৰেৰণ মনমোহন সিঙৰ

পত্ৰৰ জৰিয়তে সিঙে ডলী গগৈলৈ লিখে, "আপোনাৰ স্বামী তৰুণ গগৈজীৰ মৃত্যুত আচৰিত হোৱাৰ লগতে গভীৰ শোকপ্ৰকাশ কৰিছো ৷ অসমৰ অতি মৰমৰ বন্ধুসকলৰ ভিতৰত তেওঁ অন্যতম আছিল ৷ ছয়বাৰৰ সাংসদ তথা তিনিবাৰৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ অসমৰ জনপ্ৰিয় নেতা আছিল ৷ কঠোৰ পৰিশ্ৰম, খুহুতীয়া চৰিত্ৰ আৰু জনপ্ৰিয়তাৰে ৰাজ্যখনৰ শীৰ্ষ নেতাসকলৰ ভিতৰত অন্যতম হিচাপে তেওঁ পৰিগণিত হৈছিল আৰু অসমত দীৰ্ঘ সময়ৰ বাবে কংগ্ৰেছ দলৰ নেতৃত্ব বহন কৰিছিল ৷ তেওঁৰ মৃত্যুত দেশে, বিশেষকৈ অসমে এজন ভাল নেতাক হেৰুৱালে ৷ তেওঁ সমাজৰ পিছপৰা আৰু দুখীয়া শ্ৰেণীৰ বাবে সদায়ে কাম কৰি গৈছিল ৷ মোৰ পত্নীয়েও আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ হিয়াভৰা সমবেদনা জ্ঞাপন কৰিছে ৷ তেওঁৰ মৃত্যুক আপোনালোকে সাহস আৰু দৃঢ়তাৰে গ্ৰহণ কৰিবলৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷"

উল্লেখ্য যে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে সন্ধিয়া 5.34 বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ ক'ভিডত আক্ৰান্ত হৈ বহু দিনৰ পৰা চিকিৎসাধীন হৈ থকা তৰুণ গগৈয়ে জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে ৷ 85 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে আদি কৰি দেশৰ শীৰ্ষ স্থানৰ ৰাজনৈতিক নেতাসকলে তেওঁৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে ৷

লগতে পঢ়ক : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.