ETV Bharat / city

শোচনীয় অৱস্থাত অসমৰ চৰকাৰী শিক্ষা খণ্ড

author img

By

Published : Aug 17, 2022, 2:07 PM IST

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পর্যালোচনা বৈঠকত অসমৰ চৰকাৰী শিক্ষা খণ্ডৰ শোচনীয় ছবি(real picture of Assam education sector)। বিষয় অনুপাতে শিক্ষক নাই ২৫ শতাংশ বিদ্যালয়ত । এজনীয়া শিক্ষকেৰে চলি আছে ৩,৭১৬ খন বিদ্যালয় । খালী হৈ আছে শিক্ষকৰ ২৮ হাজাৰৰো অধিক পদ । মাধ্যমিক বিদ্যালয়ত কৰ্মৰত হৈ আছে ৩৯,২৭৬ গৰাকী অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক ।

real picture of the education sector of Assam
শোচনীয় অৱস্থাত অসমৰ চৰকাৰী শিক্ষা খণ্ড

গুৱাহাটী,১৭ আগষ্টঃ চৰকাৰী শিক্ষা ব্যৱস্থাটোক লাহে লাহে ব্যক্তিগতকৰণৰ দিশে লৈ যোৱাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষা খণ্ডৰ চৰকাৰী অৱহেলাৰ হতাশজনক তথা প্ৰকৃত ছবিখন (Disappointing picture of government education sector)। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ শেহতীয়া এক পর্যালোচনা বৈঠকত অসমৰ চৰকাৰী শিক্ষা খণ্ডৰ শোচনীয় অৱস্থাটো স্পষ্ট ৰূপত প্ৰকাশ পাইছে । ইফালে এনে দুৰৱস্থা আঁতৰ কৰি ৰাজ্যখনৰ শৈক্ষিক মান উন্নত কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ ল'বলৈ অসম চৰকাৰক কঠোৰ নিৰ্দেশ দিবলগীয়া হৈছে শিক্ষা মন্ত্ৰালয়ে ৷

লক্ষণীয় বিষয় যে বিজেপি চৰকাৰৰ কাৰ্যকালত শিক্ষা,স্বাস্থ্যকে ধৰি বিভিন্ন দিশত অসমত বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা হোৱা বুলি দাবী কৰি আহিছে শাসকীয় দল তথা চৰকাৰখনে । কিন্তু এই দাবীৰ বিপৰীতে অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অলপতে অনুষ্ঠিত হৈ যোৱা পর্যালোচনা বৈঠকত(Union Education Ministry review meeting) ।

বৈঠকত পোহৰলৈ অহা তথ্য অনুসৰি অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি কৰ্মৰত হৈ আছে ৩৯,২৭৬ গৰাকী অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক (Unskilled teachers)। এই শিক্ষকসকলে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে বছৰৰ পিচত বছৰ ধৰি পাঠদান কৰি আহিছে । অপ্ৰশিক্ষণপ্ৰাপ্ত এই শিক্ষকসকলৰ বাবে অতি শীঘ্ৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত খালী হৈ আছে ২৮,১৯০ টা শিক্ষকৰ পদ । ইয়াৰে ১৩,২১৭ টা পদ খালী হৈ আছে প্ৰাথমিক স্তৰত আৰু ১৪,৯৭৩ টা পদ খালী হৈ আছে মাধ্যমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈ । উক্ত খালী পদসমূহ শীঘ্ৰে পূৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াক গতিশীল কৰি তুলিবলৈ মন্ত্ৰালয়ে নিৰ্দেশ দিছে অসম চৰকাৰক । ইফালে প্ৰয়োজনতকৈ শিক্ষকৰ কম উপস্থিতি হোৱাৰ বিষয়টোও পৰ্যালোচনা বৈঠকত উন্মোচিত হয় । ৰাজ্যখনৰ ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ আছে ।

তদুপৰি, ৰাজ্যখনৰ বুজনসংখ্যক ছাত্ৰ-ছাত্ৰী মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীত হ'ব নোৱৰাৰ বিষয়টোও প্ৰকাশ পাইছে উক্ত পর্যালোচনা বৈঠকত । এই অনুসৰি ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱাৰিলে । ইয়াৰে একাংশই মাধ্যমিক পর্যায় উত্তীৰ্ণ হৈয়ো উচ্চতৰ মাধ্যমিকত নামভৰ্তি নকৰিলে ।

লক্ষণীয়ভাৱে ২০১৯-২০ বৰ্ষৰ তুলনাত ২০২০-২১ বৰ্ষত মাধ্যমিক পর্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে । ২০১৯-২০ বৰ্ষত ৫১.৭ শতাংশ ছাত্ৰী উত্তীৰ্ণ হ'ব পৰা নাছিল । কিন্তু ২০২০-২১বৰ্ষত উত্তীৰ্ণ নোহোৱা ছাত্ৰীৰ হাৰ হ’ল ৫২.৪ শতাংশ। অৱশ্যে উত্তীৰ্ণ হ'ব নোৱাৰা ছাত্ৰৰ সংখ্যা ২০১৯-২০ আৰু ২০২০-২১ত একে আছে ।

আনপিনে, সাম্প্ৰতিক সময়ত অসমৰ মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ হ'ল ৩০ শতাংশ(School dropouts) । অর্থাৎ এশজন শিক্ষার্থীৰ ৩০গৰাকীয়েই মাধ্যমিক পর্যায়তে শিক্ষা জীৱনৰ সামৰণি পেলায় । ইফালে উদ্বেগজনকভাৱে অসমৰ ৩,৭১৬ খন নিম্ন প্ৰাথমিক বিদ্যালয় আজিও মাত্ৰ এজনীয়া শিক্ষকেৰে চলি আছে । অসমৰ শিক্ষাখণ্ডৰ এনে দুৰৱস্থা আঁতৰ কৰাৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে অসম চৰকাৰক নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ ৰাজ্যৰ শিক্ষা বিভাগক অধিক সক্ৰিয়তা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । পৰিতাপৰ বিষয় যে চৰকাৰী শিক্ষা ব্যৱস্থাটোক অধিক গতিশীল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে নতুন নতুন ঘোষণাৰে বিতৰ্কৰ সূত্ৰপাতহে ঘটাই আহিছে।

লগতে পঢ়ক: বিদ্যালয়ত ইংৰাজী ভাষা প্ৰয়োগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.