ETV Bharat / city

সোণোৱালৰ "আশীৰ্বাদ যাত্ৰাই" ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে - চিকিৎসাধীন

ক’ভিড কেন্দ্ৰীক নীতি-নিয়ম আইন-কানুন কেৱল যেন কেৱল সাধাৰণ নাগৰিকৰ কাৰণেহে । ৰজাঘৰীয়াৰ ব্যাক্তিগত কিম্বা ৰাজহুৱা আচৰণৰ ক্ষেত্ৰত তেনে নীতি প্ৰনয়নৰ কোনো মূল্য নাই । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ "জন আশীৰ্বাদ যাত্ৰাই" আজি পুনৰবাৰ প্ৰমাণ কৰিলে এই‌ কথা।

despite-covid-threats-sonowal-meets-huge-gathering-in-city
সোণোৱালৰ "আশীৰ্বাদ যাত্ৰাই" ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে
author img

By

Published : Aug 21, 2021, 4:27 PM IST

গুৱাহাটী, ২১ আগষ্ট: পৰিকল্পনা কৰা ধৰণেই কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে শনিবাৰে জন আশীৰ্বাদ যাত্ৰাৰে গুৱাহাটীত উপস্থিত হ’লহি সৰ্বানন্দ সোণোৱাল‌ ।‌‌ শনিবাৰে পুৱা গোপীনাথ বৰদলৈ আন্তঃ ৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে সোণোৱালে আজাৰাত এখন‌ সভা সম্বোধন কৰাৰ‌ পিছতে জালুকবাৰীত থকা সুধাকন্ঠ ভূপেন হাজৰিকা স্মৃতি উদ্যানত উপস্থিত হয় আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাই অহা তিনিটা দিনত ৰাজ্যৰ ছয়খন জিলাৰ ৩৭৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিব । কিন্তু ৰাজ্যৰ ক’ভিড পৰিস্থিতি‌ প্ৰশমিত নৌহওঁতেই ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দৰে ৰাজনীতিক এজনে আৰম্ভ কৰা ৰাজনৈতিক কাৰ্যসূচীয়ে সচেতন নাগৰিকক স্তম্ভিত কৰিছে । প্ৰশ্ন উঠিছে ৰাজধানী মহানগৰীত (কামৰূপ মেট্ৰ') তে এতিয়াও প্ৰতিদিনে প্ৰাণ হেৰুৱাই আছে ক’ভিড আক্ৰান্তই ।

লগতে পঢ়কঃ তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

এনে পৰিস্থিতিৰ বাবে শেহতীয়াকৈ এছ অ' পিত মহানগৰীলৈ যাতায়ত বন্ধ কৰি থোৱা হৈছে । তাৰ মাজতো শুকৰবাৰেও কামৰূপ মহানগৰ জিলাত ১৬৫ গৰাকী লোক ক’ডিড আক্ৰান্ত হৈছে । তাৰ মাজতে জনসমাগমেৰে চলিছে সোণোৱালৰ আশীৰ্বাদ যাত্ৰা । কেৱল সেয়ে নহয় ।‌‌ কাইলৈ সোণোৱাল উপস্থিত হ’বগৈ মৰিগাঁও জিলাত ।‌‌

মৰিগাঁও জিলা ক’ভিড-১৯ ৰ দ্বাৰা বিশেষভাবে আক্ৰান্ত । এতিয়াও এই‌ জিলা খনত কেইবাশ লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । কিন্তু তেনে জনস্বাস্থ্য কেন্দ্ৰীক জৰুৰী অৱস্থা অব্যাহত থকাৰ পিছতো কাইলৈ জন আশীৰ্বাদ যাত্ৰা চলিব মৰিগাঁও জিলাত । চৰকাৰী তথ্য অনুসৰি যোৱা ২০ আগষ্টৰ দিনা অসমত ক’ভিড অতিমাৰীৰ দ্বাৰা ৬৭৫ জন লোক আক্ৰান্ত হৈছে ।

এনএইছ এমৰ তথ্য অনুসৰি কেৱল কামৰূপ মহানগৰ জিলাত এই পৰ্যন্ত ২০,৬৬৩ গৰাকী লোক ক’ভিড আক্ৰান্ত হৈছে আৰু শুকুৰবাৰে দিনটোলৈ ৫৩ গৰাকী লোকে ‌‌অকাল মৃত্যুক আকোঁৱালি লৈছে । উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ অৱসান নৌহওঁতেই এজন দায়িত্বশীল ৰাজনীতিক আৰু শাসকীয় দলে জন আশীৰ্বাদ যাত্ৰাৰ নামত দেখুওৱা আচৰণে ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।‌

লগতে পঢ়কঃ বাছৰ কৰ্মচাৰীক সাহায্য অসম চৰকাৰৰ : প্ৰতিক্ৰিয়া চালক-হেণ্ডিমেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.