ETV Bharat / city

আৰক্ষীৰ "কীৰ্তি কাহিনী" বৰ্ণনা কৰি ডিজিপিলৈ পত্ৰ দেৱব্ৰত শইকীয়াৰ - নাজিৰা আৰক্ষী

বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ এখন দীঘলীয়া পত্ৰ প্ৰেৰণ ৷ পত্ৰখনত অসম আৰক্ষীৰ "বীৰত্ব" আৰু "কীৰ্তি কাহিনী" বৰ্ণনা শইকীয়াৰ ৷

Debabrata Saikia Send a letter to DGP Bhaskar Jyoti Mahanta

author img

By

Published : Jul 25, 2020, 4:41 AM IST

Updated : Jun 28, 2022, 11:04 AM IST

গুৱাহাটী, 25 জুলাই : অসম আৰক্ষীৰ "বীৰত্ব" আৰু "কীৰ্তি কাহিনী" বৰ্ণনা কৰি বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ পত্ৰ প্ৰেৰণ ৷

পত্ৰখনত বিৰোধী দলপতিগৰাকীয়ে তেওঁৰ গৃহ সমষ্টি নাজিৰাত আৰক্ষীয়ে এচাম অসাধু ব্যৱসায়ীৰ লগ লাগি কিদৰে কাম কাজ কৰি আহিছে তাৰে বিশদ বৰ্ণনা কৰে । উল্লেখ্য যে, এই বিষয়ে আৰক্ষীৰ শীৰ্ষ মহলত বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো গা নলৰাটো ৰহস্যজনক ।

লক্ ডাউনৰ সময়ত একাংশ আৰক্ষীয়ে শাসকদলৰ এচাম নেতাৰ লগত লগ লাগি কি দৰে সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ চলাইছে সেই বিষয়েও পত্ৰখনত উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ।

আনহাতে, বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ ভৰলুমুখ আৰক্ষীয়ে শান্তিপুৰৰ বাসিন্দা এগৰাকীৰ বিশেষ ভাবে সক্ষম কিশোৰক প্ৰহাৰ কৰি যি "বীৰত্ব" প্ৰদৰ্শন কৰিলে সেয়াও নিন্দনীয় বুলি আখ্যা দি তেনে আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী জনায় দেৱব্ৰত শইকীয়াই ।

লগতে চাওক-বাৰেকুৰিত বাঘজানৰ তৈলক্ষেত্ৰৰ অগ্নি নিৰ্বাপনৰ দাবীত প্ৰতিবাদ

Last Updated : Jun 28, 2022, 11:04 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.