ETV Bharat / city

37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ - অব্যাহত তদন্ত

37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় এটি অৰ্ধগলিত মৃতদেহ ৷ মৃতদেহটোৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ
author img

By

Published : Aug 14, 2019, 1:39 PM IST

গুৱাহাটী,14আগষ্ট : যোৰাবাট-নগাঁও অভিমুখী 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ কালভাৰ্টৰ তলত বস্তাত ভৰাই থোৱা অৱস্থাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত একাংশ লোকে ঘাঁহ কাটি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু লগে-লগে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতলোকজনৰ পিন্ধনত নীলা ৰঙৰ জিনছ পেন্ট আৰু আকাশী ৰঙৰ টি-চাৰ্ট পৰিহিত আছিল ৷ লোকজনৰ মুখ আৰু মূৰত স্পষ্টভাৱে আঘাতৰ চিন পৰিলক্ষিত হয় ৷ বৰ্তমানলৈ মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও যোৰাবাট আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Intro:যোৰাবাটত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

Body:গণেশ মন্দিৰ-নেপালী বস্তিৰ সন্মুখেৰে যোৱা যোৰাবাট-নগাওঁ অভিমুখী 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। বুধবাৰে পুৱা উক্ত পথছোৱাৰ সমীপত থকা এক কাল্ভাটাৰৰ তলত প্ৰায় অৰ্ধ গলিত অৱস্থাত বস্তাত ভৰাই থোৱা এটা মৃতদেহ উদ্ধাৰ হয়।

ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত একাংশ ঘাহ কটিয়াই পুৱাই মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু লগে লগে যোৰাবাট আৰক্ষীক বিষয়টো অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কোনো দুৰ্বত্যই হত্যা কৰি পেলাই থৈ বস্তাত বান্ধি থোৱা মৃতদেহটো উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা মৃতলোকজন পিন্ধনত নীলা ৰঙৰ জিনছ পেন্ট আৰু আকাশী ৰঙৰ টি চাৰ্ট পৰিহিত আছিল। লগতে লোকজনৰ মুখ আৰু মূৰত স্পষ্ট আঘাতৰ চিন পৰিলক্ষিত হয়। এই হত্যাকাণ্ডৰে এক গাড়ী চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান যোৰাবাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

এই সম্পৰ্কে আৰক্ষীয়ে মৃত ব্যক্তি জনৰ চিনাকৰণৰ বাবে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।

Conclusion:Asrar Ansari
Guwahati

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.