মঙলদৈ, 12 ফেব্ৰুৱাৰী : পৌৰসভাৰ দিন চমু চাপি অহাৰ লগে লগে সাজু হৈছে ৰাজ্যৰ প্ৰশাসন ৷ সমান্তৰালভাৱে সাজু হৈ উঠিছে দৰং জিলাৰ প্ৰশাসনো (District administration preparation for Municipal election) ৷ আগন্তুক পৌৰ নিৰ্বাচন (Assam Municipal Election 2022) ৰ প্ৰতি লক্ষ্য ৰাখি দৰঙৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ বৰাৰ অধ্যক্ষতাত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে শনিবাৰে এখন বৈঠক অনুষ্ঠিত হয় ৷
এই বৈঠকত উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহক মনত ৰাখি পৌৰ নিৰ্বাচনী যুঁজখনত অৱতীৰ্ণ হবলৈ আহ্বান জানায় । লগতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে প্ৰতিনিধিসকলক জিলা প্ৰশাসনে যাতে নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে সহায়-সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনায় ৷
উল্লেখ্য যে দৰং জিলাত মঙলদৈ আৰু খাৰুপেটীয়া পৌৰ সভাৰ উপৰিও এইবাৰ ছিপাঝাৰক পৌৰ এলেকাৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত এই ঐতিহাসিক নগৰখনত প্ৰথমবাৰলৈ পৌৰ নিৰ্বাচন অনুস্থিত হ’ব (Municipal Election 2022 in Darrang) । এই তিনিওখন পৌৰসভাত সৰ্বমুঠ 47,640 গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷
ইয়াৰে মঙলদৈ পৌৰ এলেকাত 21,001 গৰাকী, ছিপাঝাৰ পৌৰ এলেকাত 9618 গৰাকী আৰু খাৰুপেটীয়া পৌৰ এলেকাত 17,021 গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৷ লগতে জিলাখনত নিৰ্বাচিন নিয়াৰিকৈ যাতে সম্পন্ন কৰিব পৰা যায়, তাৰবাবে সৰ্বমুঠ 58 টা ভোট গ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হ’ব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।
এই 58 টা কেন্দ্ৰৰ ভিতৰত সৰ্বাধিক মঙলদৈত 24 টা, খাৰুপেটীয়াত 21 টা আৰু ছিপাঝাৰত 13 টা ভোটকেন্দ্ৰ থাকিব । মন কৰিব লগীয়া যে, নিৰ্বাচনী বিধি অনুসৰি মঙলদৈ আৰু খাৰুপেটীয়া পৌৰ নিৰ্বাচনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক 31,000 হাজাৰ টকাহে নিৰ্বাচনত খৰচ কৰিব পাৰিব । ছিপাঝাৰ পৌৰ এলেকাৰ প্ৰাৰ্থীৰ বাবে এই পৰিমাণ 26,000 টকা ধাৰ্য্য কৰা হৈছে ।
লগতে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ হ’লে অনুসুচীত জাতি তথা অনুসুচীত জনজাতিৰ প্ৰাৰ্থী সকল ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক হোৱাৰ লগতে অন্য বৰ্গৰ প্ৰাৰ্থীসকল নুন্যতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ।
লগতে পঢ়ক : Assam municipal election: পৌৰ নিৰ্বাচনৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন