ETV Bharat / city

Encounter in Assam: এনকাউন্টাৰ বন্ধ কৰাৰ দাবীত চি পি আই (এম)ৰ প্ৰতিবাদ

author img

By

Published : Jun 6, 2022, 10:28 PM IST

'পুলিচ ৰাজ নহয় আইনৰ শাসন ‌অক্ষুন্ন ৰাখক' এই শ্ল’গানেৰে আৰক্ষীৰ জিন্মাত অভিযুক্তক কৰা এনকাউন্টাৰৰ ৰাজনীতি বন্ধ কৰাৰ দাবী উত্থাপন কৰে চি পি আই (এম)য়ে (CPI(M) sits in protest demanding closure of encounter ) ৷ লগতে বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে দলটোৱে ৷

CPI(M) sits in protest demanding closure of encounte at Guwahati
এনকাউন্টাৰ বন্ধ কৰাৰ দাবীত চি পি আই (এম)ৰ প্ৰতিবাদ

গুৱাহাটী, জনীয়া, 6 জুন: আৰক্ষীৰ জিন্মাত অভিযুক্তক কৰা এনকাউন্টাৰ বন্ধ কৰাৰ দাবীৰে চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে (CPI(M) sits in protest demanding closure of encounter) । 'পুলিচ ৰাজ নহয় আইনৰ শাসন ‌অক্ষুন্ন ৰাখক', 'এনকাউন্টাৰ হত্যাৰ ৰাজনীতি বন্ধ কৰক' আদি শ্ল’গান দি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদ সাব্যস্ত কৰি দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, "আইনৰ শাসন ৰক্ষা কৰা চৰকাৰৰ দায়িত্ব । কিন্তু হিমন্ত বিশ্ব চৰকাৰখনে আইন ভাঙিবলৈ আৰম্ভ কৰিছে" ৷ লগতে ক’লে, বিগত 20 মে'ত অসম আৰক্ষীয়ে ছফিকুল নামৰ যুৱক এজনক বটদ্ৰৱা থানালৈ ধৰি লৈ যোৱাৰ পিছত পুলিচৰ জিম্মাত থকাৰ অৱস্থাতে আশ্বিকুলৰ 21 মে'ত মৃত্যু হৈছিল ।

এই ঘটনা সন্দৰ্ভত উল্লেখ কৰি ৰাজ্যিক সম্পাদকগৰাকীয়ে ক’লে "30 মে'ৰ পুৱতি নিশা বটদ্ৰৱা থানা অগ্নিসংযোগৰ ঘটনাৰ লগত (Batadrava police station incident) জড়িত অভিযুক্ত আশ্বিকুল ইছলামক আৰক্ষীয়ে শীতল মস্তিষ্কৰে হত্যা কৰিছে ৷ অসমত এনকাউণ্টাৰৰ নামত এনেদৰে অভিযুক্তক হত্যা কৰাৰ যি ভয়ংকৰ আৰু বে-আইনী পৰম্পৰাৰ সূত্ৰপাত হৈছে, ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সমূলি পৰিপন্থী ৷ আৰক্ষীয়ে দাবী কৰাৰ দৰে এয়া মুঠেই দুর্ঘটনা নহয়, বৰং ই পৰিকল্পিত হত্যা বুলি আমি বিবেচনা কৰো" ।

ইফালে আশ্বিকুল ইছলামৰ হত্যা, বটদ্ৰৱা থানা জ্বলাই দিয়া (Batadrava Police Station Fire Case) আৰু শালনাবাৰীত আৰক্ষীয়ে পাঁচটা পৰিয়ালৰ ঘৰ বুলড’জাৰেৰে ধ্বংস কৰাৰ ঘটনাই ইতিমধ্যে জনসাধাৰণৰ মাজত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল সংগঠনে এই ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰিছে (Batadrava police station attack case) । কিন্তু চৰকাৰে এই পৰ্যন্ত দাবীসমূহৰ প্ৰতি অকনো কাণসাৰ দিয়া নাই বুলি সম্পাদকগৰাকীয়ে অভিযোগ উত্থাপন কৰি চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে আছিকুল ইছলামৰ হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰাৰ কথা উল্লেখ কৰিলে সম্পাদকগৰাকীয়ে । লগতে পুলিচৰাজ নহয়, আইনৰ শাসন অক্ষুণ্ণ ৰখাৰ বাবে জিলা কমিটিয়ে দাবী কৰে ।

ইফালে সোমবাৰে চি পি আই (এম)ৰ কলগাছিয়া লোকেল কমিটিৰ উদ্যোগত বটদ্ৰবা কাণ্ডৰ সন্দৰ্ভত এক প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদীকাৰী সকলে কলগাছিয়া চাৰিআলিৰ পৰা পাটবজাৰ হৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.