ETV Bharat / city

CPA Opening ceremony : ৪০ দেশৰ প্ৰতিনিধিৰ উপস্থিতিত CPA সন্মিলন উদ্বোধন লোকসভাৰ অধ্যক্ষৰ - প্ৰথমবাৰলৈ অসমত CPA সন্মিলন

১১ আৰু ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰী এছ'চিয়েছনৰ সন্মিলন । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই(Lok Sabha Speaker inaugurates CPA Conference) অসমৰ প্ৰাকৃতিক পৰিৱেশ, কৃষ্টি-সংস্কৃতি, অতিথি পৰায়ণতাৰ ভূয়সী প্ৰশংসা কৰে ।

lok-sabha-speaker-inaugurates-cpa-conference-in-the-presence-of-representatives-of-40-countries
৪০ দেশৰ প্ৰতিনিধিৰ উপস্থিতিত CPA সন্মিলন উদ্বোধন কৰিলে লোকসভাৰ অধ্যক্ষই
author img

By

Published : Apr 9, 2022, 11:41 AM IST

Updated : Apr 9, 2022, 2:29 PM IST

গুৱাহাটী, ৯ এপ্ৰিল : বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত শনিবাৰে পুৱা অসম বিধানসভাত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ'চিয়েছনৰ সন্মিলনৰ শুভাৰম্ভ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই(Lok Sabha Speaker inaugurates CPA Conference) । প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হৈছে এই সন্মিলন ।

অৱশ্যে ৪০ খন দেশ কমনৱেল্থ পাৰ্লিয়ামেণ্টৰী এছ'চিয়েছনৰ সদস্য হ'লেও শনিবাৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলত ভাগ ল’বলৈ গ্ৰেট বৃটেইন, মালয়েছিয়া, তাঞ্জানিয়া, ঘানাকে ধৰি ১২ খন দেশৰ প্ৰতিনিধিহে আহি গুৱাহাটীত উপস্থিত হয় । বাকী আটাইকেইখন দেশে ভাৰ্ছুৱেলী এই সন্মিলনত অংশগ্ৰহণ কৰিব ।

সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰে পৰা উখল-মাখল হৈ পৰে অসম বিধানসভা । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেই বিধানসভাৰ প্ৰৱেশদ্বাৰত ৰৈ প্ৰতিগৰাকী অতিথিক আদৰণি জনায় । বিহু আৰু বাগৰুম্বাৰ তালত মুখৰ হৈ পৰে সমগ্ৰ বিধানসভা চৌহদ । অসমীয়া পৰম্পৰা অনুসৰি সন্মিলনৰ উদ্বোধনী অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী বিদেশী প্ৰতিনিধিক আদৰণি জনোৱা হয় ।

উল্লেখ্য যে, শনিবাৰ আৰু দেওবাৰে কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ'চিয়েছনৰ এই সন্মিলন অনুষ্ঠিত হ’ব । ১১ আৰু ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰী এছ'চিয়েছনৰ সন্মিলন । এই সন্মিলনত উপস্থিত থাকিব ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু বিধানসভাৰ প্ৰধান সচিবসকল । উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৮৫ বছৰ গৰকা অসম বিধানসভাৰ বৰ্ণিল ইতিহাসৰ লগতে অসমৰ আৰ্থ-সামাজিক পটভূমিৰো এক আভাস দাঙি ধৰে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ সন্মুখত ।

অসম বিধানসভা

সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসমৰ প্ৰাকৃতিক পৰিৱেশ, কৃষ্টি-সংস্কৃতি, অতিথি পৰায়ণতাৰ ভূয়সী প্ৰশংসা কৰে । তেওঁ ভাষণ প্ৰসংগত কয় যে, ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা অতি প্ৰাচীন আৰু শক্তিশালী । বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী অভিহিত কৰি তেওঁ কয় যে, এইখন দেশত পঞ্চায়তৰ পৰা আৰম্ভ কৰি সংসদীয় ব্যৱস্থালৈকে সকলোৰে পৰিকাঠামো যথেষ্ট মজবুত ।

তেওঁ লগতে কয় যে, ভাৰতীয় সংস্কৃতিত সমগ্ৰ বিশ্বকে এটা পৰিয়াল বুলি ভবা হয় । সেয়েহে ভাৰতে সদায় সমগ্ৰ বিশ্বৰে শান্তি কামনা কৰি আহিছে । বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ CPA-ই প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । আনহাতে, উদ্বোধনী অনুষ্ঠানৰ শেষত ভাষণ আগবঢ়াই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ অসমক এখন ক্ষুদ্ৰ বিশ্ব বুলিও অভিহিত কৰে ।

লগতে পঢ়ক : Om Birla in Guwahati: পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ

Last Updated : Apr 9, 2022, 2:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.