গুৱাহাটী, ১৯ এপ্ৰিলঃ সম্প্ৰতি কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিটো মূহুৰ্ততে বৃদ্ধি হৈ আছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ।
শনিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বত 22,75,782 গৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,56,104 গৰাকী লোকৰ । ইয়াৰ বিপৰীতে ভাৰতত কৰ'ণাৰ আক্ৰান্ত হৈছে 14,792 গৰাকী আৰু মৃত্যু হৈছে 488 গৰাকী ব্যক্তিৰ ।
ইফালে অসমত বৰ্তমান 34 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে এগৰাকী লোকৰ মৃত্যু হৈছে । তদুপৰি 12গৰাকী ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে যদিও 21গৰাকী ৰোগী বৰ্তমানলৈ চিকিৎসাধীন অৱস্থাত আছে । সম্প্ৰতি 4400 গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে অসমত । ইয়াৰে 4199 গৰাকীৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ মৃত্যুৰ চিন্তাই গ্ৰাস কৰা পৃথিৱীখনত মৃত্যুৰ সংখ্যা কমিছে নেকি ?