ETV Bharat / city

কোভিড-19: দিল্লীত বিগত 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টীকাকৰণ - covid-19 news

সামগ্ৰিকভাৱে, দেশৰ ভিতৰত গুজৰাটতে সৰ্বাধিক 18 ৰ পৰা 44 বছৰ বয়সৰ লোকক 1,08,188 টা কৰ'ণা ভেকচিন প্ৰদান কৰা হৈছে ৷ তাৰ পিছতে ৰাজস্থানে 75,817 গৰাকী লোকক আৰু মহাৰাষ্ট্ৰত 73,455 গৰাকী লোকক টীকাকৰণৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।

COVID-19: Over 2.15 lakh beneficiaries in 18-44 age group vaccinated in last 24 hrs
কোভিড-19: যোৱা 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টিকাকৰণ
author img

By

Published : May 4, 2021, 9:26 AM IST

Updated : May 4, 2021, 9:37 AM IST

নিউজ ডেস্ক, 4 মে': কৰ'ণা মহামাৰীৰ বাবে সমগ্ৰ দেশ তথা বিশ্বতেই এক বিভিষীকাময় পৰিস্থিতি সৃষ্টি হৈছে ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰতি দিনেই হাজাৰ-হাজাৰ লোকৰ মৃত্যু মুখত পৰিছে ৷ এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগেও উঠি পৰি লাগিছে ৷

সমান্তৰালকৈ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে জনোৱা অনুসৰি, বিগত ২৪ ঘণ্টাত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ প্ৰায় ২,১৫,১৮৫ গৰাকী হিতাধিকাৰীয়ে প্ৰথমটো ক'ভিড-১৯ ভেকছিনৰ পালি লাভ কৰিছে । স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তি অনুসৰি, 12 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত টিকাকৰণ অভিযান চলি আছে।

সামগ্ৰিকভাৱে, গুজৰাটতো 18 ৰ পৰা 44 বছৰ বয়সৰ 1,08,188 গৰাকী লোকক আটাইতকৈ বেছি টীকাকৰণ প্ৰদান কৰিছে, তাৰ পিছতেই ৰাজস্থানে 75,817 গৰাকীক আৰু মহাৰাষ্ট্ৰত 73,455 গৰাকী লোকৰ টীকাকৰণ কৰিছে স্বাস্থ্য বিভাগে ।

ঠিক একেদৰে হাৰিয়ানাত ৫৪,৯৪৬ টা পালি, ছত্তীশগড়ত ১,০২৫ টা, দিল্লীত ৩৯,৭৯৯ টা, জম্মু আৰু কাশ্মীৰত ৫,৫৬২ টা, কৰ্ণাটকত ২,৩৫৩ টা, ওড়িশাত ৬,৩১১ টা, পঞ্জাৱত-৬৩৫৫, তামিলনাডুৱে-২,৫২১ টা আৰু উত্তৰ প্ৰদেশত ৩৩,২৪২ টা পালি প্ৰদান কৰিছে।

সমগ্ৰ দেশতে মুঠ টীকাকৰণৰ সংখ্যাই ইতিমধ্যে ১৫.৮৮ কোটিৰ সীমা অতিক্ৰম কৰিছে। দেশত সোমবাৰে নিশা ৮ বজালৈকে প্ৰায় ১৬.৫ লাখ ভেকছিনৰ পালি প্ৰদান কৰিছে ।

দেশত প্ৰদান কৰা ক'ভিড-19 ভেকছিনৰ টীকাৰণৰ মুঠ সংখ্যা হৈছে- 15,88,71,435 । ক'ভিড-19 টীকাকৰণৰ প্ৰস্তুতি পৰ্যায় ক্ৰমে মে' মাহত কাৰ্যকৰী হৈছিল। দেশত টীকাকৰণৰ পঞ্জীয়ন ২৮ এপ্ৰিলৰ পৰা আৰম্ভ কৰিছিল ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশখনত সোমবাৰৰ দিনটোতে ৩,৬৮,১৪৭ গৰাকী লোক ক'ভিড-১৯ আক্ৰান্ত হৈছে ৷ ইফালে৩,০০,৭৩২ গৰাকী লোক সুস্থ হৈ ঘৰলৈ ওভতি গৈছে আৰু ৩,৪১৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

বৰ্তমান দেশত 1,99,25,604 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ আছে, ইয়াৰ ভিতৰত আছে 16,29,3003 লোক কৰ'ণাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে যদিও কৰ'ণাত আক্ৰান্ত হৈ 2,18,959 লোকৰ মৃত্যু হৈছে। বৰ্তমান দেশত 34,13,642 গৰাকী লোক চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক-হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত

Last Updated : May 4, 2021, 9:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.