গুৱাহাটী, 18 মাৰ্চ : সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা কৰ'না ভাইৰাছক লৈ বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন অৱস্থাৰ লগতে COVID-19ক মহামাৰী ঘোষণা কৰিছে । ইয়াক লৈ ইতিমধ্যেই ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে আগন্তুক 29 মাৰ্চলৈ সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷
কিন্তু চৰকাৰী নিৰ্দেশনালৈ কোনো কেৰেপ নকৰি মহানগৰীৰ একাংশ উদ্যোগ-প্ৰতিষ্ঠানে এতিয়াও চলাই গৈছে ব্যৱসায়জনিত কাম-কাম ৷ মহানগৰীৰ সোণাপুৰস্থিত ষ্টাৰ চিমেন্ট কোম্পানী হৈছে ইয়াৰ অন্যতম ৷ কোম্পানীটোলৈ প্ৰতিদিনেই আগমণ ঘটিছে শ-শ ট্ৰাকৰ লগতে একাংশ বহিৰাগত ট্ৰাকচালক তথা কৰ্মী ৷
কিন্তু এইসমূহ ট্ৰাকচালকৰ লগতে কৰ্মীক কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰালৈ অসমলৈ আহিবলৈ দিয়াৰ লগতে নিজাবৱীয়াকৈ গ্ৰহণ কৰা নাই কোনো প্ৰতিষেধকমূলক ব্যৱস্থা ৷ ইয়াকে লৈ এতিয়া সমগ্ৰ মহানগৰীতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কৰ'ণা ভাইৰাছক লৈ ৰাজ্য চৰকাৰৰ চৰকাৰী নিৰ্দেশনা অসাৰ প্ৰতিপন্ন কৰি এইসমূহ উদ্যোগে এতিয়া এইদৰে উলংঘা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নিৰ্দেশনা ৷ এইসমূহ উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতি চৰকাৰ তথা স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷