ETV Bharat / city

ৰাজ্যৰ ভিন্ন প্ৰান্তত কোভিড-19 সজাগতা যাত্ৰা - ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুধবাৰে অনুষ্ঠিত কৰা হয় কোভিড-19ৰ সজাগতা যাত্ৰা ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত কোভিড-19 সজাগতা যাত্ৰা

author img

By

Published : Sep 24, 2020, 12:33 AM IST

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ : ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড-19ৰ ভয়াৱহ সংক্ৰমণ ৷ এনে অৱস্থাত অসমৰ বহু প্ৰান্তৰ ৰাইজ এতিয়াও এই মহামাৰী ৰোগক লৈ সজাগ হোৱা নাই ৷ যাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বুধবাৰে সমগ্ৰ অসমতে আয়োজন কৰে কোভিড-19 সজাগতা যাত্ৰাৰ ৷ ইয়াৰ দ্বাৰাই বিভাগে ৰাইজৰ মাজত এই মহামাৰীক লৈ সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে ৷

টিংখাং : ৰাজ্যত দিনক দিনে কোভিড-19 সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই আহিবলৈ ধৰাৰ পৰিপেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সজাগতা কাৰ্যসূচীৰ । বুধবাৰে টিংখাঙৰ স্বাস্থ্য বিভাগেও বিশেষ সজাগতা সমদল উলিয়াই টিংখাঙৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰস্থল ৰাজগড়ত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা কৰ্মী, আশা কৰ্মীসকলে হাতে হাতে বেনাৰ,প্লেকাৰ্ড লৈ চিকিৎসালয়খনৰ চৌহদৰ পৰা মৰাণ-নাহৰকটীয়া ৰাজ্যিক পথেৰে সজাগতা সমদল বাহিৰ কৰি কোভিড-19ৰ সংক্ৰমণৰ ভয়াৱহতাৰ পৰা বাছি থাকিবলৈ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে ৷

টিংখাং কোভিড-19 সজাগতা যাত্ৰা

মৰিগাঁও : জিলা স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ উদ্যোগত বুধবাৰে কোভিড-19ৰ পৰা ৰক্ষা পোৱাৰ বাবে বাহিৰ কৰা হয় সজাগতা সমদল । জিলা উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই উদ্ধোধন কৰে এই সজাগতা সমদল । বুধবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আশাকৰ্মীসকলক লৈ বাহিৰ কৰা হয় এই সজাগতা সমদল । সজাগতা সমদলত অংশগ্ৰহণ কৰা আশাকৰ্মীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ আদিত কোভিড-19 সজাগতামূলক বিভিন্ন শ্লোগান লিখি মৰিগাঁও আৱৰ্ত ভৱনৰ পৰা চহৰখনৰ মাজেৰে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ সমদল বাহিৰ কৰি ৰাইজৰ মাজত ল'বলগীয়া সাৱধানতাৰ বিষয়ে মাইক যোগে ঘোষণা কৰে । সজাগতা সমদলত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত লীনা দাসে কয় যে, মৰিগাঁও জিলাখনক যাতে মহামাৰী কৰ'ণা মুক্ত কৰিব পৰা যায় ইয়াৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা লোৱা হৈছে ৷

মৰিগাঁও কোভিড-19 সজাগতা যাত্ৰা

গোলাঘাট : কোভিড-19ৰ সন্দৰ্ভত সতৰ্কতা সৃষ্টি কৰাৰ উদ্দেশ্যে গোলাঘাটতো বাহিৰ কৰা হয় সজাগতা সমদল । জিলাখনৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা নগৰৰ মাজেৰে এই সমদল বাহিৰ কৰা হয় । জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰা এই সমদল জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে মুকলি কৰে । কোভিড-19য়ে ৰাজ্যৰ লগতে গোলাঘাট জিলাতো সংহাৰী ৰূপ ধাৰণ কৰা সময়ত একাংশই কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা নাই । তেনে লোকক সজাগ আৰু সাৱধান কৰিবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে এই যাত্ৰাৰ ।

গোলাঘাট কোভিড-19 সজাগতা যাত্ৰা

গুৱাহাটী : বুধবাৰৰ পৰা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে কৰ'ণা সন্দৰ্ভত সজাগতা অভিযান । ৰাজহুৱা স্থানত জনতাৰ মাজত সজাগতা সৃষ্টি কৰিব জিলা প্ৰশাসনে । হোম আইচলেচনত থকা লোকসকলে কেনে সাৱধানতা ল'ব লাগে তাৰো বিশেষ ৰাইজক জনাব কামৰূপ মহানগৰ জিলা প্ৰশাসনে । বুধবাৰে এক বিশেষ ৰেলীৰে এই সজাগতা অভিযানৰ শুভাৰম্ভণি কৰা হয় । এই সজাগতামূলক অভিযানৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত এখন স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হয় । যত জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে স্বাস্থ্য পৰীক্ষা কৰে । কামৰূপ মহানগৰ জিলাৰ প্ৰতিগৰাকী লোককে কৰ'ণাৰ ক্ষেত্ৰত সজাগ কৰি তোলাৰ লক্ষ্য লৈছে প্ৰশাসনে । প্ৰতিটো অঞ্চল,অনুষ্ঠান-প্ৰতিষ্ঠান সকলো এই অভিযানত সামৰিক লোৱা হ'ব বুলি জানিব পৰা গৈছে ।

গুৱাহাটী কোভিড-19 সজাগতা যাত্ৰা

উল্লেখ্যে যে, ৰাজ্যত প্ৰতিদিনে ভয়াৱহ ৰূপত বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভেগে গ্ৰহণ কৰিছে কৰ’ণা সজাগতা অভিযান ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিৰ্দেশনা অনুসৰি এই সজাগতা অনুষ্ঠানৰ মাজৰে প্ৰতিখন জিলাৰ আশাকৰ্মী, অংগনাৱাদী কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ লোকসকলে ঘৰে ঘৰে গৈ সজাগতা অভিযান চলাব ৷

লগতে পঢ়ক : ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিড 19 সন্দৰ্ভত সজাগতা সমদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.