গুৱাহাটী, ১৮ এপ্ৰিলঃ সম্প্ৰতি কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিটো মূহুৰ্ততে বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ।
মঙলবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বত 22,00,322 গৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,47,757 গৰাকী লোকৰ । ইয়াৰ বিপৰীতে ভাৰতত কৰ'ণাত আক্ৰান্ত হৈছে 13,835 গৰাকী লোক আৰু মৃত্যু হৈছে 452 গৰাকী লোকৰ ।
ইফালে অসমত বৰ্তমান 34 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে এগৰাকী লোকৰ মৃত্যু হৈছে । তদুপৰি 9গৰাকী ৰোগী সম্পূৰ্ণ সু্স্থ হৈ উঠিছে যদিও 24গৰাকী ৰোগী বৰ্তমানলৈ চিকিৎসাধীন অৱস্থাত আছে । সম্প্ৰতি 4236 গৰাকী লোকক পৰীক্ষা কৰা হৈছে । ইয়াৰে 4024 গৰাকী নিগেটিভ বুলি জানিব পৰা গৈছে ।
লগতে চাওকঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত পাক সেনাৰ মৰ্টাৰ চেল নিষ্ক্ৰিয়