গুৱাহাটী, 19 ফেব্ৰুৱাৰী : শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয় ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Cottonian cordons off Cotton University registrar office) ।
উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ 2022 চনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নিশা প্ৰায় 12 বজাত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ একাংশ আৱাসীয়ে অশ্ৰাব্য গালি-গালাজ পাৰি কাষতে লাগি থকা বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসলৈ লক্ষ্য কৰি শিল, বটল, লাঠী আদি দলিয়াই (Cotton University hostel boarders clash) ৷ যাৰ ফলত কেবাজনো আৱাসী আহত হয় ৷
নিৰ্বাচনৰ সময়ছোৱাত সংঘটিত হোৱা এই হিংসাৰ ফলত আঘাতপ্ৰাপ্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে । লগতে এইক্ষেত্ৰত শীঘ্ৰেই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আইন হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে কটনিয়ানে ৷
ইয়াৰোপৰি কটন বিশ্ববিদ্যালয় কতৃপক্ষৰ অৱহেলাৰ বাবে কটন বিশ্ববিদ্যালয় ছাত্ৰাবাসসমূহৰ অৱস্থা তথৈবচ হৈছে বুলিও প্ৰতিবাদস্থলীত কটনৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই অভিযোগ উত্থাপন কৰে । ছাত্ৰাবাসসমূহৰ অধিকাংশৰ দুবাৰ খিৰিকী ভঙা আৰু বৰষুণ আহিলে ছাত্ৰাবাসসমূহৰ ভিতৰতে বৰষুণ পৰে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক : Municipal Election 2022: পৌৰসভাত শত্ৰুৰ ৰূপত অগপ বিজেপি