গুৱাহাটী, ৫ মে' : বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ কৰা হয় সাংবাদিকৰ ক'ভিড ভেকচিন কেম্প । উল্লেখযোগ্য যে গুৱাহাটী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সমিতিয়ে সাংবাদিকক ভেকচিন প্ৰদানৰ আহ্বানেৰে ৰাজ্য চৰকাৰলৈ প্ৰদান কৰা স্মাৰক পত্ৰৰ পিছতেই চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ।
৭ মে'ৰ পৰা আৰম্ভ হোৱা ১৮ ৰ পৰা ৪৪ বছৰ বয়সলৈ ভেকচিনেশ্বন কেম্পৰ প্ৰথম কেম্পটোৱেই হৈছে গুৱাহাটী প্ৰেছ ক্লাৱ । সাংবাদিকক সমুখৰ শাৰীৰ যোদ্ধাৰূপে স্বীকৃতি দি ভেকচিন প্ৰদানৰ ব্যৱস্থা হাতত লোৱা বাবে চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে সাংবাদিক সকলে ।
বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক, ফটো সাংবাদিক, ভিডিঅ' জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হয় প্ৰথম পৰ্যায়ৰ ভেকচিনত ।
লগতে পঢ়ক : পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ প্ৰতিবাদ