কামৰূপ, 20 অক্টোবৰ: উমৰাংছুৰ জলবিস্ফোৰণৰ ঘটনাত সন্ধানহীন হোৱা নীপকোৰ চাৰিগৰাকী কৰ্মচাৰীৰ সন্ধান কৰিবলৈ দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ ছুমানিয়ে ৷ উমৰাংছুৰ এই দুৰ্ঘটনাৰ 14 দিন অতিক্ৰম কৰাৰ পাচতো সন্ধানহীন কৰ্মচাৰীকেইজনৰ সন্ধান নোপোৱাটো অতি দুৰ্ভাগ্যজনক আখ্যা দিছে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ নীপকো আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল কাগজে-পত্ৰই কমিটি বনাই দায়িত্ব সামৰা বুলি সমালোচনা কৰি অতি শীঘ্ৰে কৰ্মচাৰীকেইজনৰ সন্ধান কৰাৰ দাবী জনাইছে গৌৰৱ ছুমানিয়ে ৷ ২০১৪ চনতে মেৰামতিৰ প্ৰয়োজন থকা এই প্ৰকল্পটো সময়ত মেৰামতি নকৰাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷
উল্লেখযোগ্য যে, যোৱা ৭ অক্টোবৰত নীপকোৰ উমৰাংছুৰ প্ৰকল্পত দুৰ্ঘটনা সংঘটিত হৈ শ শ ফুট ওপৰলৈ উঠিছিল পানীৰ ফোৱাৰা । এই জলবিস্ফোৰণত নীপকোৰ পাৱাৰ হাউচ সম্পূৰ্ণৰূপে পানীত ডুব যায় ৷ এই দুৰ্ঘটনাতেই সন্ধানহীন হৈছিল উক্ত চাৰিজন কৰ্মচাৰী ৷ বিভিন্ন দল-সংগঠনে কৰ্মচাৰীকেইজনক উদ্ধাৰৰ বাবে দাবী জনাইছে ৷
লগতে পঢ়কঃ এতিয়াও সন্ধানহীন নীপকোৰ চাৰিগৰাকী কৰ্মচাৰী, উদ্ধাৰ অভিযান অব্যাহত
লগতে পঢ়কঃ আজিও অপৰিৱৰ্তিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ অৱস্থাঃ সন্ধান নাই অভিযন্তাসহ চাৰিজনৰ