ETV Bharat / city

অসমৰ মুখ্যমন্ত্ৰী তথা পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত প্ৰতিবাদ কংগ্ৰেছৰ

author img

By

Published : Sep 5, 2022, 11:00 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ যন্তৰ মন্তৰত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ (Corruption allegations against Assam CM) । এই দুৰ্নীতিৰ তদন্তৰ দাবীত চিবিআইলৈ পত্ৰ প্ৰেৰণ কংগ্ৰেছ নেতৃত্বৰ ৷

Cong makes corruption allegations against Assam CM, wife
মুখ্যমন্ত্ৰী পত্নীৰ দুৰ্নীতিৰ বিৰুদ্ধে দিল্লীত কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক, 5 আগষ্ট: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি সোমবাৰে চিবিআইলৈ পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছে (Corruption allegations against Assam CM) । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বই দিল্লীৰ যন্তৰ মন্তৰত এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি চিবিআইক এই স্মাৰকপত্ৰখন প্ৰদান কৰে(Assam CM Himanta Biswa Sarma) ৷

এই প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, জয়ৰাম ৰমেশ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ৷ কংগ্ৰেছ নেতৃত্বই প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে, উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত ভাণ্ড্য ইন্টাৰনেশ্যনেল স্কুলখন শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই উদ্বোধন কৰে আৰু এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অসমৰ মুখ্যমন্ত্ৰী বুলি ৰাজহুৱাভাৱে ঘোষণা কৰা হৈছে ৷

কিন্তু, এখন ৰাজ্যৰ মুৰব্বী হোৱাৰ বাবে এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ এখন আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় চলাব পাৰে বুলি কংগ্ৰেছ নেতৃত্বই প্ৰশ্ন উত্থাপন কৰে ।

তেওঁলোকে লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত থকা আৰবিএছ ৰিয়েলটাৰ্ছ নামৰ ব্যক্তিগত কোম্পানীটোৱে বহুতো প্ৰতিষ্ঠান আৰু কোম্পানীলৈ অবৈধভাৱে ধন স্থানান্তৰ কৰাৰো অভিযোগ কৰে ৷ তেওঁলোকে ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ সন্দৰ্ভতো চিবিআই তদন্ত কৰাৰ দাবী জনায় (Congress demands CBI investigation against CM) ৷ তেওঁলোকে লগতে ক’ভিড-19 সময়ত সংঘটিত পিপিই কিট কেলেংকাৰীৰো তদন্তৰ দাবী জনায় ৷ কংগ্ৰেছ নেতৃত্বই ইয়াৰ লগতে মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ ওপৰত মুঠ 7 টা অভিযোগ উত্থাপন কৰি ইয়াৰ চিবিআই তদন্তৰ দাবী কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় ৷

লগতে পঢ়ক : সুৰ সলনি কৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.