ETV Bharat / city

পৌৰ নিগমৰ কৰ সংগ্ৰহৰ প্ৰসংগকলৈ অব্যাহত আছে সংঘাত

author img

By

Published : Sep 23, 2022, 7:40 PM IST

মন্ত্রী অশোক সিংঘালৰ বিৰুদ্ধে যুযুধান বিধায়ক অতুল বৰা। কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰিলে গুৱাহাটীবাসীয়ে কিডনী বেচি সম্পত্তি কৰ দিব লাগিব বুলি মন্তব্য বিধায়ক বৰাৰ । প্ৰত্যুত্তৰ দিয়াৰ পৰা থমকি ৰোৱা নাই মন্ত্রী সিংঘাল (GMCs property tax collection)। তেওঁৰ মতে ৰাজ্য চৰকাৰে বিধায়কৰ সৈতে কথা পাতি সিদ্ধান্ত লোৱাৰ কোনো মেকানিজম নাই ৷

GMCs property tax collection
পৌৰ নিগমৰ কৰ সংগ্ৰহৰ প্ৰসংগকলৈ অব্যাহত আছে সংঘাত

গুৱাহাটী,23 ছেপ্টেম্বৰ: অব্যাহত আছে সংঘাত । গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তক লৈ মতান্তৰ অব্যাহত আছে(GMCs property tax collection) । অৱশ্যে এই মত‍ানক্য তথা সংঘাতত এফালে আছে মন্ত্রী অশোক সিংঘাল আৰু আনফালে আছে শাসকীয় দলৰ দুই বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অতুল বৰা । লগতে আছে মিত্রদলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (MLAs react on property tax collection)।

গুৱাহাটীৰ বিধায়ক, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদৰ মতামত নোলোৱাকৈ নগৰ উন্নয়ন মন্ত্রী অশোক সিংঘালে গুৱাহাটী পৌৰ নিগম এলেকাত বসবাস কৰা নাগৰিকৰ হ’ল্ডিং নম্বৰৰ বিপৰীতে সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ছত্তিশগড়ৰ ব্যক্তিগত প্রতিষ্ঠানক অৰ্পণ কৰা বুলি ঘোষণা কৰাৰ পিছতেই ইয়াক লৈ প্রতিক্রিয়া অব্যাহত আছে (property tax collection on private institution)।

conflict-continues-over-the-collection-of-municipal-taxes-in-guwahati
মন্ত্রী অশোক সিংঘাল

গুৱাহাটী উন্নয়ন দপ্তৰৰ প্ৰাক্তন মন্ত্রী তথা পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক দিয়াত ক্ষুব্ধ হৈ এনে প্ৰক্ৰিয়াৰ বাবে মন্ত্ৰী অশোক সিংহালে পদত্যাগ কৰিব লাগে বুলি দাবী জনোৱাৰ উপৰি সিংঘালে একনায়কত্ববাদ চলোৱা বুলি অভিযোগ কৰিছিল (MLAs opposed Minister Ashok Singhals decision) ।

ইয়াৰ বিপৰীতে দিছপুৰৰ বিধায়ক অতুল বৰাই গুৱাহাটীৰ স্থানীয় বিধায়কৰ সৈতে আলোচনা নকৰাকৈ ঢেকীয়াজুলিৰ বিধায়কে কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰিলে গুৱাহাটীবাসীয়ে কিডনী বেচি সম্পত্তি কৰ দিব লাগিব বুলি মতপ্ৰকাশ কৰিছিল ।

ইয়াৰ পিছতে বিষয়টোক লৈ মুখ খুলিছে নগৰ উন্নয়ন মন্ত্রী অশোক সিংঘালে । মন্ত্ৰীজনৰ মতে ৰাজ্য চৰকাৰে বিধায়কৰ সৈতে কথা পাতি সিদ্ধান্ত লোৱাৰ কোনো মেকানিজম নাই । বিধায়কৰ সৈতে মন্ত্ৰীয়ে বা চৰকাৰে ব্যক্তিগত কথা-বতৰা পতাতো বেলেগ কথা, কিন্তু চৰকাৰে বিধায়কৰ সৈতে কথা পতাৰ মেকানিজম নাথাকে বুলি মতপ্রকাশ কৰে মন্ত্ৰী অশোক সিংঘালে (New system of GMCs property tax collection)।

লগতে পঢ়ক: মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সৰৱ গুৱাহাটীৰ তিনিগৰাকী বিধায়ক

তেওঁ কয় যে, বিধায়কৰ আপত্তি থাকিলে আগতে ক'ব লাগিছিল । এই সিদ্ধান্ত তেওঁ লোৱা নাই । মুখ্যমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত চৰকাৰৰ কেবিনেটে দুমাহ আগতে এই সিদ্ধান্ত লৈছে । কিছুদিন পূর্বে দেশৰ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু শিক্ষা, কৃষি, নগৰ উন্নয়ন দপ্তৰৰ প্ৰধান সচিবসকলক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধর্মশালাত অনুষ্ঠিত কৰা তিনিদিনীয়া ‘পি এম কনক্লেভ'ত দেশৰ পৌৰ নিগমসমূহত সম্পত্তি কৰ সংগ্ৰহ ব্যৱস্থা উন্নত কৰাৰ বাবে পৰামৰ্শ দিছিল ।

ইয়াৰ ভিত্তিত পঞ্চদশ বিত্তীয় আয়োগে কেতবোৰ সংস্কাৰৰ পৰামৰ্শও দিছিল । ইয়াৰ ভিত্তিতে দুমাহ পূর্বে কেবিনেটে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এলেকাত সম্পত্তি কৰৰ হাৰ বৃদ্ধি কৰাৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । গতিকে বিধায়কৰ কিবা আপত্তি থাকিলে আগতে ক’ব লাগিছিল । দেশৰ আন ৰাজ্যই সিদ্ধান্ত কার্যকৰী কৰাৰ পূৰ্বে এতিয়া অসমে কৰে । আন ৰাজ্যতো একে ব্যৱস্থাই হ’ব ।

বর্তমান ২০২১-২২ বৰ্ষত গুৱাহাটীত ৭৫ শতাংশ হ’ল্ডিং নম্বৰ থকা নাগৰিকে সম্পত্তি কৰ দিয়া নাই । ২০২১-২২ বৰ্ষত গুৱাহাটীত ২.৫০ লাখ লোকৰ হ’ল্ডিং নম্বৰ আছে আৰু ইয়াৰে ৮৮ হেজাৰেহে সম্পত্তি কৰ দিছে । ২০২০-২১ বৰ্ষত ২.৩৫ লাখ হ’ল্ডিং নম্বৰ থকা গুৱাহাটীৰ বাসিন্দাৰ ৮০ হেজাৰে আৰু ২০১৮-১৯ বৰ্ষত হ’ল্ডিং নম্বৰ থকা ২.১৭ লাখবনাগৰিকৰ ৮২ হেজাৰে সম্পত্তি কৰ দিছে ।

সমগ্ৰ দেশৰ পৌৰ নিগমসমূহৰ লগতে জি এম চিৰো সম্পত্তি কৰ সংগ্ৰহৰ হাৰ খুব বেয়া । জি এম চিৰ মানুহো সম্পত্তি কৰ সংগ্ৰহৰ বাবে ঘৰে ঘৰে নাযায় । সেইবাবে এই ব্যৱস্থা লোৱা হৈছে বুলি মন্ত্রী সিংঘালে সদৰী কৰে । তেওঁ জনাই যে, নাগৰিকে অনলাইনযোগে সম্পত্তি কৰো দিব পাৰে আৰু হ’ল্ডিং নম্বৰো ল'ব পাৰে । এই সুবিধা সকলোৱে ল'ব পাৰে ।

লগতে পঢ়ক: এক লাখ নিযুক্তিত হিমালয়েও বাধা দিব নোৱাৰে: মুখ্যমন্ত্রী

দুই বিধায়কৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অতুল বৰা দুয়োজনে তেওঁৰ অগ্রজ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী । তেওঁলোকৰ কথাৰ ওপৰত বক্তব্য দিয়াৰ তেওঁৰ অধিকাৰ নাই বুলি সদৰি কৰে । দলে এইক্ষেত্ৰত বিবেচনা বা সিদ্ধান্ত ল'ব বুলি সদৰি কৰি তেওঁ কয় যে, তেওঁ বিষয়টো মুখ্যমন্ত্রীক অৱগত কৰিছে আৰু মুখ্যমন্ত্রীয়ে বিবেচনা কৰি নির্দেশ দিয়া মতে তেওঁ আগুৱাই যাব ।

ইফালে মন্ত্রী অশোক সিংঘালৰ এনে বক্তব্যত পুনৰ জাঙুৰ খাই পৰিছে প্ৰাক্তন গড়কাপ্তানি মন্ত্রী তথা দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰা । নিজৰ প্ৰতিক্ৰিয়া তেওঁ কয় যে, অসমৰ বাহিৰৰ মানুহবিলাকক সকলো গতাই দিলে আমি চাই নাথাকো । জি এম চিয়ে নিজৰ প্ৰক্ৰিয়াৰে কৰ সংগ্ৰহ কৰি আছিল । হঠাতে জি এম চিক আঁতৰাই বহিঃৰাজ্যৰ ব্যক্তিগত প্রতিষ্ঠানক এই ডাঙৰ দায়িত্ব দিলে, বহিৰাগত প্রতিষ্ঠানটো লাভৱান হ’ব । মন্ত্রী
আঁকোৰগোজ হৈ থাকিলে আমিও আঁকোৰগোজ হ’ম বুলি তেওঁ কয় ।

মন্ত্ৰীয়ে জি এম চিক শক্তিশালী নকৰি বহিৰাগত প্ৰতিষ্ঠানৰ ওচৰত আত্মসমর্পণ কৰিছে বুলি তেওঁ অভিযোগ কৰে । বহিৰাগতৰ ওচৰত আত্মসমর্পণ কৰি সকলো গতাই দিব বিচাৰিছে কিয় বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, পাৰিষদসকল ভয়ত আছে । কিন্তু সাহসী প‍ৰিষদে প্ৰতিবাদ কৰিব ।

উল্লেখ্য যে, মিত্রদল অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ ন‍াৰায়ণ কলিতায়ো এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে । এগৰাকী মন্ত্রীৰ বিৰুদ্ধে গুৱাহাটীৰ তিনিগৰ‍াকীকৈ বিধায়ক সৰৱ হৈ পৰাৰ পিছত বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক: ২ ঘণ্টা নহয় এইবাৰ ২০ ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰিম : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.