ডিব্ৰুগড়,8 ফেব্ৰুৱাৰী: ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ঘাইপথ নিৰ্মাণৰ কেন্দ্ৰৰ কোনোধৰণৰ পৰিকল্পনা নাই ৷ সোমবাৰে এই মন্তব্য প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰদান কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ আনকি, বান ৰুধিবলৈ খনন নহয় ব্ৰহ্মপুত্ৰৰ ৷ যদিহে ব্ৰহ্মপুত্ৰৰ খননো হয় কেৱল মাত্ৰ জাহাজ চলাচল সুগম কৰিবলৈ কৰা হ'ব খনন ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে বৰ্তমান ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ কিয়নো 2016 চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীতিন গাডকাৰীৰ সৈতে ব্ৰহ্মপুত্ৰৰ ঘাইপথ সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ আনকি, ৰাজ্যিক জলসম্পদ বিভাগক ভাৰত চৰকাৰে সহযোগিতা কৰাৰো আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু 2021 চনৰ 8 ফেব্ৰুৱাৰীত নীতিন গাডকাৰীৰ ওলোটা মন্তব্যই হতাশ কৰিছে অসমবাসীক ৷
ইফালে, নীতিন গাডকাৰীৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কেন্দ্ৰৰ পৰিকল্পনা নাথাকিলেও অসম চৰকাৰে নিজাববীয়াকৈ ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ ৷
লগতে পঢ়ক : পূৰ্ণগতিত চলিছে আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য