ETV Bharat / city

109সংখ্যক জন্মজয়ন্তীত সশ্ৰদ্ধ সোঁৱৰণ ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক

author img

By

Published : Jul 6, 2020, 3:54 PM IST

দেশত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাতা, মহান ভাৰতীয় আদৰ্শবাদী নেতা, ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ৷ আজি এইগৰাকী মহান নেতাৰ 109 সংখ্যক জন্মবাৰ্ষিকীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চৰকাৰী বাসভৱনত মুখাৰ্জীলৈ পুষ্পাঞ্জলি অৰ্পন কৰি সশ্ৰদ্ধ সোঁৱৰণ কৰে ৷

109সংখ্যক জন্মজয়ন্তীত সশ্ৰদ্ধ সোঁৱৰণ ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক
109সংখ্যক জন্মজয়ন্তীত সশ্ৰদ্ধ সোঁৱৰণ ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক

গুৱাহাটী, 6 জুলাই : ভাৰতীয় আদৰ্শবাদী মহান নেতা ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক তেখেতৰ 109সংখ্যক জন্মজয়ন্তীত সমগ্ৰ দেশে সশ্ৰদ্ধ সোঁৱৰণেৰে সন্মান প্ৰদান কৰে ৷ দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মজয়ন্তীত টুইট কৰি তেখেতক সোঁৱৰণ কৰে ৷ নিস্বাৰ্থভাৱে ৰাষ্ট্ৰৰ হকে কাম কৰা মহান আদৰ্শবাদী নেতাগৰাকীক তেখেতৰ জন্মজয়ন্তীত দেশজুৰি স্মৰণ কৰা হৈছে ।

তেখেতৰ জন্মজয়ন্তী উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীস্থিত তেখেতৰ বাসভৱনত ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জীলৈ পুস্পাঞ্জলি অৰ্পণ কৰে । দেশৰ একতা আৰু অখণ্ডতাৰ ক্ষেত্ৰত তেখেতৰ অতুলনীয় অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদানক স্মৰণ কৰে ৷ ভাৰতৰাষ্ট্ৰৰ বাবে অনুকৰণীয় অৱদান আগবঢ়োৱা এগৰাকী প্ৰকৃত দেশভক্ত আছিল ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী ৷ ভাৰতৰ একতাৰ বাবে সাহসী পদক্ষেপ গ্ৰহণ কৰা শ্যামা প্ৰসাদ মুখাৰ্জীৰ চিন্তা আৰু আদৰ্শই লাখ-লাখ ভাৰতীয়ক শক্তি প্ৰদান কৰে বুলি টুইট কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

  • I bow to Dr. Syama Prasad Mookerjee on his Jayanti. A devout patriot, he made exemplary contributions towards India’s development. He made courageous efforts to further India’s unity. His thoughts and ideals give strength to millions across the nation.

    — Narendra Modi (@narendramodi) July 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ কৰে ৷ গৃহমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে, ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰূপত দেশবাসীয়ে এগৰাকী এনেকুৱা দুৰদৰ্শী নেতা লাভ কৰিছিল যিয়ে, ভাৰতৰ মুখ্য সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে জীৱন পৰ্যন্ত সংঘৰ্ষ কৰিছিল ৷ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ ওপৰত আধাৰিত জনসংঘ আৰু আজিৰ ভাৰতীয় জনতা পাৰ্টী ড৹ মুখাৰ্জীৰে দুৰদৰ্শিতাৰ পৰিমান বুলি টুইট কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

  • डॉ. श्यामा प्रसाद मुखर्जी जी के रूप में देश को एक ऐसा दूरदर्शी नेता मिला जिसने भारत की समस्याओं के मूल कारणों व स्थायी समाधानों पर जोर दिया और उनके लिए जीवन पर्यन्त संघर्ष किया । सांस्कृतिक राष्ट्रवाद पर केन्द्रित जन संघ और आज की भाजपा डॉ. मुखर्जी की ही दूरदर्शिता का परिणाम है। pic.twitter.com/oh3L8spUag

    — Amit Shah (@AmitShah) July 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মজয়ন্তীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জয়প্ৰকাশ নড্ডায়ো তেওঁক স্মৰণ কৰে ৷ এই টুইট কৰি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণেৰে নড্ডাই লিখে যে, ৰাষ্ট্ৰবাদ আৰু সেৱা ভাৱক আধাৰ হিচাপে লৈ ভাৰতীয় জনসংঘৰ স্থাপনা কৰা পৰম শ্ৰদ্ধেয় ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ জন্মজয়ন্তীত কোটি কোটি প্ৰণাম ৷ সমতামুলক সমাজ আৰু অখণ্ড ভাৰত সংকল্পৰ সাৰ আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত অত্যন্ত অনুকৰণীয় বুলি টুইট কৰে নড্ডাই ৷

  • सेवा और राष्ट्रवाद की विचारधारा से ओत-प्रोत राजनीतिक दल "भारतीय जनसंघ" के संस्थापक एवं एक देश एक संविधान के समर्थक, भारत रत्न श्रद्धेय डॉ श्यामा प्रसाद मुख़र्जी जी की 119वीं जन्मजयंती पर उनकी प्रतिमा पर माल्यार्पण कर श्रद्धासुमन अर्पित किए। pic.twitter.com/aaGPCh9ZKq

    — Jagat Prakash Nadda (@JPNadda) July 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, জম্ম-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ কথা সৰ্বোপ্ৰথমে উল্লেখ কৰিছিল ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ৷ ড৹ মুখাৰ্জীৰ জন্ম, 1901 চনত কলকাতা আজিৰ দিনতে হৈছিল ৷ ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জৱাহৰলাল নেহৰুৰ কেবিনেটত উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল ৷ নেহৰু-লিয়াকত চুক্তিৰ বিৰোধিতা কৰি 1950 চনৰ 8 এপ্ৰিলত কেচি নেওগিৰ সৈতে একেলগে মুখাৰ্জীয়ে কেবিনেটৰ পৰা পদত্যাগ কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত 1951 চনত 21 অক্টোৱৰ ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰিছিল আৰু দলটোৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল ৷ 1952 চনৰ সাধাৰণ নিৰ্বাচনত মুখাৰ্জীৰ নেতৃত্বত জনসংঘই তিনিখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ 1939 চনত মুখাৰ্জীয়ে হিন্দু মহাসভাত যোগদান কৰি একে বছৰতে দলটোৰ কাৰ্যকৰী সভাপতি নিৰ্বাচিত হৈছিল ৷ মুখাৰ্জীয়ে জম্মু-কাশ্মীৰক প্ৰদান কৰা বিশেষ অধিকাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু এখন দেশত দুখন সংবিধান, দুগৰাকী প্ৰধান আৰু দুখন নিচান নচলিব বুলি কৈছিল আৰু অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছিল ৷

ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী এক হিন্দু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ পিতৃ আছিল কলকাতা উচ্চ ন্যায়ালয় তথা কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জী ৷ 1921 চনত ইংৰাজী বিষয়ত প্ৰেসিডেন্সী কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ মুখাৰ্জীয়ে 1923 চনত বাংলা ভাষাত নিজৰ স্নাতকোত্তৰ উত্তীৰ্ণ হৈছিল আৰু তাতো তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছিল ৷ 1924 চনত তেওঁ বিএল ডিগ্ৰী লাভ কৰিছিল ৷ 1933 চনত কলকাতা বিশ্ববিদ্যালয়ত মাত্ৰ 33 বছৰ বয়সতে উপাচাৰ্যৰ পদত অধিস্থিত হৈছিল আৰু এইটো পদত অধিস্থিত হোৱা মুখাৰ্জীয়ে আছিল কনিষ্ঠ উপাচাৰ্য ৷ 1938 চনৰ 26 নৱেম্বৰত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি. লিট ডিগ্ৰী লাভ কৰিছিল ড৹ মুখাৰ্জীয়ে ৷ ড৹ মুখাৰ্জীৰ দিনতে কলকাতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে বাংলা ভাষাত ভাষণ প্ৰদান কৰিছিল ৷

1953 চনত জম্মু-কাশ্মীৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৷ 2004 চনত অটল বিহাৰী বাজপেয়ীয়ে ড৹ মুখাৰ্জীৰ মৃত্যুক নেহৰুৰ নেতৃত্বতে হত্যা কৰা হৈছিল বুলি উল্লেখ কৰিছিল ৷ এইগৰাকী মহান ভাৰতীয় চিন্তাবাদী নেতাক তেখেতৰ জন্মজয়ন্তীত ইটিভি ভাৰতৰ পৰাও সশ্ৰদ্ধ প্ৰণাম ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.