গুৱাহাটী, ২৩ মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰাজ্যৰ ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত বিভাগীয় বিষয়াৰে পৰ্যালোচনা বৈঠকত মিলিত হয় । ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলৰ সৈতে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত পৰ্যালোচনা কৰে ।
বৈঠকত মুখ্যমন্ত্ৰীয়ে দহ দিনৰ ভিতৰত বিপদজনক মথাউৰিসমূহৰ শক্তিশালীকৰণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে । বানৰ সময়ত উদ্ধাৰ, সাহাৰ্য ইত্যাদি ক্ষীপ্ৰভাৱে সম্পন্ন কৰিবৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থা সাজু ৰখাৰ নিৰ্দেশ দিয়ে ।
আনহাতে, চক্ৰ বিষয়াসকলে সদৰ স্থানত থকাতো বাধ্যতামূলক কৰাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে । তদুপৰি খালী হৈ থকা চক্ৰ বিষয়াৰ পদসমূহ শীঘ্ৰে পূৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে ।
সেইদৰে আশ্ৰয় শিৱিৰত থকা বানাক্ৰান্তই ঘৰলৈ ওভতি যোৱাৰ সময়ত যাতে প্ৰয়োজনীয় সামগ্ৰী তাৎক্ষণিকভাৱে ক্ৰয় কৰিব পাৰে তাৰ বাবে ৩,৮০০ টকাকৈ তাৎক্ষণিকভাৱে প্ৰদানৰ ব্যৱস্থা ল’বলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । তদুপৰি বানত ক্ষতিগ্ৰস্ত ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ তাৎক্ষণিকভাৱে মেৰামতিৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ।
ক’ভিড কেয়াৰ চেণ্টাৰ, আই চি ইউ বেড আৰু অক্সিজেন বেডৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । আৰ টি পি চি আৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈয়ো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । এই ক্ষেত্ৰত উপায়ুক্তসকলক প্ৰতিদিনে লক্ষ্য নিৰ্ধাৰিত পদক্ষেপ লোৱাৰ নিৰ্দেশ প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক নিৰ্দেশনা দিয়ে ।
ক’ভিড পৰিস্থিতিৰ বাবে প্ৰযোজ্য কৰা সান্ধ্য আইন আৰু আন্তঃজিলা পৰিবহনৰ বাধা কঠোৰভাৱে বলৱৎ কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । উল্লেখ্য যে, বৈঠকত কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।
লগতে পঢ়ক : পেলেষ্টাইনৰ বাবে সাহাৰ্যৰ আহ্বান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ