ETV Bharat / city

লুইতৰ পাৰত দেশৰ প্ৰথম নদী ফেৰী টার্মিনেলৰ আধাৰশিলা

author img

By

Published : May 13, 2022, 4:32 PM IST

কেটামাৰণ জাহাজ সুৰক্ষিত । এই জাহাজ অত্যাধুনিক আৰু নৌ-পৰিবহণৰ বাবে উচ্চ মানৰ প্ৰযুক্তিৰ সা-সঁজুলিৰে নিৰ্মাণ কৰা । এই জাহাজত ১০০ জন যাত্রী আৰু ৫০ খন মটৰচাইকেল কঢ়িওৱাৰ ক্ষমতা আছে। এই জাহাজ দুখন নাৰেংগী কুৰুৱাৰ পৰা ফাচীবজাৰ হৈ উত্তৰ গুৱাহাটীৰ অশ্বক্লান্তলৈ চলিব (New ferry terminal at Guwahati fency bazar) ।

new-ferry-terminal-at-guwahati-fency-bazar
লুইতৰ পাৰত দেশৰ প্ৰথম নদী ফেৰী টার্মিনেলৰ আধাৰশিলা

গুৱাহাটী, 13 মে': গুৱাহাটীৰ ফাঁচি বজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা আই ডব্লিউ টি ঘাটত শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই গুৱাহাটী গেটৱে ঘাট (ফেৰী টার্মিনেল)ৰ আধাৰশিলা স্থাপন কৰে (New ferry terminal at Guwahati fency bazar) । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে দুখন তীখাৰে নিৰ্মিত কেটামাৰন জাহাজৰ শুভ উদ্বোধন কৰে । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে এই অত্যাধুনিক ফেৰী টার্মিনেল দেশৰ নদীত স্থাপন কৰা প্ৰথম ফেৰী টার্মিনেল ।

ফেৰী টার্মিনেল নিৰ্মাণৰ বাবে ২৮৯.৪৫ কোটি টকা বিনিয়ােগ কৰা হৈছে । অহা ২৪ মাহৰ ভিতৰত ফেৰী টার্মিনেল নিৰ্মাণ হৈ উঠিব । তেওঁ কয় যে এই ফেৰী টার্মিনেলৰ জৰিয়তে সকলাে ধৰণৰ বতৰত গুৱাহাটী সংলগ্ন ফেৰীঘাট সমূহত সংযােগ তথা সুৰক্ষিত পৰিহণৰ সমন্বয় গঢ়ি তোলা হ'ব । এই ফেৰী টার্মিনেলে ব্রহ্মপুত্র নদীৰ পৰ্যটনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব ।

ফেৰী টার্মিনেলত বিশেষভাবে সক্ষম, বয়ােজ্যেষ্ঠ যাত্রী, মহিলা আৰু শিশুৰ বাবে বিশেষ সুবিধাৰ ব্যবস্থা থাকিব । ফেৰী টার্মিনেলত যাত্ৰীৰ বাবে টিকট ঘৰৰ ব্যৱস্থা, দোকান, কেন্টিন, পাকিঙৰ সুবিধা, জিৰণি চ'ৰা আৰু যাত্ৰীৰ স্বাচ্ছন্দ্যতাৰ বাবে সকলােধৰনৰ অত্যাধুনিক সা-সুবিধা থাকিব । যোৱা কেবিনেটত এই ফেৰী টার্মিনেল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানত ৮ খন তীখাৰে নির্মিত কেটামাৰণ জাহাজ চলাচল কৰি আছে ।

আজিৰে পৰা গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত চলাচলৰ বাবে আকৌ দুখন কেটামাৰণ জাহাজ চলাচলৰ ব্যৱস্থা কৰা হৈছে । অনাগত দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু ১০ খন কেটামাৰণ জাহাজ চলাচলৰ ব্যৱস্থা কৰা হ'ব । তেওঁ কয়- "এই কেটামাৰণ জাহাজ সুৰক্ষিত । এই জাহাজ অত্যাধুনিক আৰু নৌ-পৰিবহণৰ বাবে উচ্চ মানৰ প্ৰযুক্তিৰ সা-সঁজুলিৰে নিৰ্মাণ কৰা । এই জাহাজত ১০০ জন যাত্রী আৰু ৫০ খন মটৰচাইকেল কঢ়িওৱাৰ ক্ষমতা আছে। এই জাহাজ দুখন নাৰেংগী কুৰুৱাৰ পৰা ফাচীবজাৰ হৈ উত্তৰ গুৱাহাটীৰ অশ্বক্লান্তলৈ চলোৱাৰ ব্যৱস্থা কৰা হ'ব।"

অনুষ্ঠানত পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা, পৰিবহন বিভাগৰ সচিব আদিল খান আৰু আই ডব্লিউ টিৰ সঞ্চালক পাৰ্থ পেগু আদি উপস্থিত আছিল ।

লগতে পঢ়ক: মহানগৰীৰ মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ PHED ৰ অভিযন্তাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.