গুৱাহাটী, 2 এপ্ৰিল : ৰাজ্যসভাৰ নিৰ্বাচনত (Rajya Sabha Election 2022) বিজেপি মিত্রজোঁটে দুয়োখন আসন লাভ কৰাৰ পাছত শনিবাৰে ৰাজ্যিক বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (CM Important meeting at Vajpayee Bhawan) । বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি দলৰ বিষয়ববীয়া, বিধায়ক আৰু মন্ত্ৰীসকল উপস্থিত আছিল ।
![CM Important meeting with BJP MP, MLA and Leadets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-meeting-of-mla-ministers-officials-of-bjp-with-cm-at-vajpayee-bhawan-7209925_02042022140048_0204f_1648888248_200.jpg)
বৈঠকৰ আৰম্ভণিতে সদ্যঘোষিত ৰাজ্যসভা নিৰ্বাচনত অসমৰ দুখন আসনতে বিপুল ভোটত জয়ী হোৱা বিজেপি মিত্ৰজোঁটৰ নৱ নিৰ্বাচিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীক দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বৈঠকত দলৰ সাংগঠনিক দিশৰ লগতে আগন্তুক দিনবোৰত দলীয় কাৰ্যপন্থা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।
![CM Important meeting with BJP MP, MLA and Leadets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-meeting-of-mla-ministers-officials-of-bjp-with-cm-at-vajpayee-bhawan-7209925_02042022140048_0204f_1648888248_512.jpg)
আনহাতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ লগতে দলীয় বিভিন্ন আভ্যন্তৰীণ গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰি চৰকাৰৰখনে লোৱা উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় । যাতে আগন্তক দিনবোৰত অসমৰ ৰাইজৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত লোৱা পদক্ষেপ তথা সিদ্ধান্তসমূহ সফলতাৰে ৰূপায়ণ কৰিব পৰা যায় ।
![CM Important meeting with BJP MP, MLA and Leadets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-meeting-of-mla-ministers-officials-of-bjp-with-cm-at-vajpayee-bhawan-7209925_02042022140048_0204f_1648888248_1007.jpg)
জানিব পৰা মতে বৈঠকত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(Guwahati Municipal Corporation Elections 2022) সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয় । এইক্ষেত্রত দলীয় ৰণকৌশল সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইৰ লগতে দলৰ বিধায়কসকল আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকল উপস্থিত আছিল ।
লগতে পঢ়ক : BJP crosses 100 seats mark in Upper House : আজিৰে পৰা অসমৰ কংগ্ৰেছ সাংসদ শূন্য