ETV Bharat / city

North east education conclave ত অংশ লৈ কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ? - New education policy 2020

২৫নৱেম্বৰত ৰাজ্য শিক্ষা খণ্ডত আহিব পৰিৱৰ্তন ৷ ৫খন মহাবিদ্যালয় ২বছৰ ভিতৰত বিশ্ববিদ্যালয়লৈ হ’ব উন্নীতকৰণ ৷ জানো আহক উত্তৰ-পূৱ শিক্ষা সমাৰোহত অংশ লৈ আৰু কি কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

cm-himanta-in-north-east-education-conclave
North east education conclave ত অংশ লৈ কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ?
author img

By

Published : Nov 20, 2021, 5:56 PM IST

Updated : Nov 20, 2021, 7:05 PM IST

গুৱাহাটী, ২০ নৱেম্বৰ : ৰাজ্য শিক্ষা ব্যৱস্থাত নতুন শিক্ষা নীতি ২০২০ কাৰ্যকৰি কৰাৰ বাবে তৎপৰ হৈছে অসম চৰকাৰ । গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উত্তৰ-পূৱ শিক্ষা সমাৰোহত অংশলৈ এই কথা ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ২৫ নৱেম্বৰত বঙাইগাঁও কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থা যুগান্তকাৰী প্ৰদক্ষেপ গ্ৰহণ কৰিব বুলি কয় তেওঁ ।

নতুন শিক্ষা নীতি ২০২০(New education policy 2020)ক লৈ অনুষ্ঠিত সমাৰোহত ঘোষণা কৰে অসমৰ ৫ খনকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ কথা । সেই মতে উত্তৰ-লখিমপুৰ মহাবিদ্যালয় নগাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়, জেবি মহাবিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ব।

এই মতে অহা তিনি বছৰৰ ভিতৰত উন্নীতকৰণৰ কাম সম্পূর্ণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । গুৱাহাটীৰ জিএমচিএইছ প্ৰেক্ষাগৃহ(GMCH Auditorium)ত ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথমখন শিক্ষা সমাৰোহত এই ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

  • Knowledge and wisdom are the guiding principles of our civilisation.

    The New Education Policy will motivate students to strive for excellence. These education reforms will herald a new dawn for a #NewIndia. pic.twitter.com/JrW2gaiAeY

    — Himanta Biswa Sarma (@himantabiswa) November 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ কয় যে, নতুন ভাৰত গঢ়াত উৎসাহ জগাব নতুন শিক্ষা নীতিয়ে । ভাৰতৰ সভ্যতাক লৈ সকলোৱে গৌৰৱ কৰে, কালৰ সোঁতত বহু সভ্যতাৰ বিলুপ্তি ঘটিল । বিপৰীতে চিৰ প্ৰৱাহমান হৈ আছে ছয় হাজাৰ বছৰ পুৰণি ভাৰতীয় সভ্যতা । ভাৰতীয় সভ্যতাৰ মূল ছাবিকাঠিয়ে হ'ল জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা ।

তেওঁ পুনৰ কয়, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্যতম অংশীদাৰ হৈছে শিক্ষাৰ্থী । শিক্ষাৰ্থীৰ প্ৰয়োজন কি সেয়া জনাটো অত্যন্ত জৰুৰী । এইক্ষেত্ৰত গৱেষণা অব্যাহত ৰাখিছে বিদ্যা ভাৰতীয়ে । বিদ্যা ভাৰতীৰ বাবে প্ৰাক-প্ৰাথমিক আৰু অংগনৱাড়ী কেন্দ্ৰ সংযোজিত হৈছে LPS ত । কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, এতিয়া অসমীয়া ভাষাতো JEE পৰীক্ষা অনুষ্ঠিত হ'ব । JEE এতিয়া পৰা 13 টা ভাৰতীয় ভাষাত অনুষ্ঠিত হয় আৰু আগলৈ ভাষাৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Smart policing in Assam : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগে লগেই আৰক্ষীয়ে ল’লে পদক্ষেপ

Last Updated : Nov 20, 2021, 7:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.