ETV Bharat / city

শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সোণোৱালৰ - শ্বহীদ কুশল কোঁৱৰ

শ্বহীদ কুশল কোঁৱৰৰ ৭৭সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলন কৰে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কামৰূপ জিলা মুক্তি যুঁজাৰু সন্মিলনে আয়োজন কৰে শ্বহীদ কুশল কোঁৱৰৰ ৭৭সংখ্যক মৃত্যু বাৰ্ষিকী এক অনুষ্ঠানৰ ৷

Chief Minister Sarba nanda Sonoal  Attended At Neheru Park In Guwahati
শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সোণোৱালৰ
author img

By

Published : Jun 15, 2020, 9:08 PM IST

গুৱাহাটী, 15জুনঃ আজি শ্বহীদ কুশল কোঁৱৰৰ ৭৭সংখ্যক মৃত্যু বাৰ্ষিকী তিথি । মহান শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ পুৱাই গুৱাহাটীৰ নেহেৰু উদ্যানত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সোণোৱালৰ

শ্বহীদ কুশল কোঁৱৰৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকী তিথিত গুৱাহাটীৰ নেহেৰু উদ্যানত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য । উল্লেখযোগ্য যে, কামৰূপ জিলা মুক্তি যুঁজাৰু সন্মিলনে আয়োজন কৰা অনুস্থানত মুখ্যমন্ত্ৰীয়ে বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে শ্বহীদ বীৰ গৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ বীৰ গৰাকীৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে তেখেতৰ সাহস আৰু দেশৰ হকে কৰা মহান ত্যাগে আমাৰ প্ৰতিটো প্ৰজন্মকে অনুপ্ৰেৰণা যোগাই আহিছে । তেখেতৰ মহান ত্যাগ সদায় সকলোৰে চিৰস্মৰণীয় হৈ থাকিব ৷ আনহাতে আজিৰ এই অনুস্থানতে সোণোৱালে বিশিষ্ট মুক্তিযুঁজাৰু শ্ৰীকৃষ্ণ লহকৰৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক- পুনৰ প্ৰাণ পাই উঠিব কলিয়াবৰৰ টি,আও খেলপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.